অসম বিধানসভাৰ প্ৰথম অধিৱেশনতেই উত্থাপন হ’ব UCC
Oplus_131072
- ২১ মে’ৰ পৰা ৪ দিনীয়াকৈ আৰম্ভ হ’ব বিধানসভাৰ অধিৱেশন
- ২১, ২২, ২৫ আৰু ২৬ মে’ত অনুষ্ঠিত হ’ব অধিৱেশন
- প্ৰথমখন অধিৱেশনতেই উত্থাপন হ’ব UCC
- ধর্মীয় ৰীতি-নীতি আৰু পৰম্পৰা UCC-ৰ বাহিৰত থাকিব
- বহু বিবাহ আৰু সম্পত্তিৰ অধিকাৰ UCC-ৰ অন্তর্ভুক্ত হ’ব
- জনজাতীয় লোকসকলক UCC-ৰ আওতাৰ বাহিৰত ৰখাৰ সম্ভাৱনা
কেবিনেট বৈঠকত গুৰুত্বপূর্ণ সিদ্ধান্ত, মে’ মাহতেই বিশেষ অধিৱেশন
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী,১৩ মে’:অসম কেবিনেটৰ বৈঠকত ৰাজ্যৰ Uniform Civil Code (UCC) সন্দৰ্ভত একাধিক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ অন্তত ঘোষণা কৰা হয় যে, অহা ২১ মে’ৰ পৰা আৰম্ভ হ’ব নতুন বিধানসভাৰ প্ৰথম অধিৱেশন।
চাৰি দিনীয়া এই অধিৱেশন ২১, ২২, ২৫ আৰু ২৬ মে’ত অনুষ্ঠিত হ’ব। চৰকাৰী সূত্ৰৰ মতে, এই অধিৱেশনতেই UCC উত্থাপন কৰাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে UCC জৰিয়তে বিবাহ, সম্পত্তিৰ অধিকাৰ আদি বিষয়ত একে আইন প্ৰৱৰ্তনৰ লক্ষ্য লৈছে।
অৱশ্যে চৰকাৰে স্পষ্ট কৰিছে যে ধর্মীয় ৰীতি-নীতি, পূজা-পার্বণ অথবা পৰম্পৰাগত আচাৰ-ব্যৱহাৰ UCC-ৰ আওতাৰ বাহিৰত থাকিব। ইয়াৰ বিপৰীতে বহু বিবাহ, সম্পত্তিৰ অধিকাৰ আদি সামাজিক আৰু আইনী বিষয়সমূহ UCC-ৰ অন্তর্ভুক্ত হ’ব।
ইয়াৰ লগতে জনজাতীয় সমাজৰ বিশেষ সাংস্কৃতিক পৰিচয় আৰু প্রথাক সুৰক্ষা দিয়াৰ উদ্দেশ্যে জনজাতীয় লোকসকলক UCC-ৰ আওতাৰ বাহিৰত ৰখাৰ বিষয়টোও বিবেচনা কৰা হৈছে।
এই সিদ্ধান্তসমূহ প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক মহলত ব্যাপক আলোচনা আৰম্ভ হৈছে।
