Global Assam News

Global and Local Assam News Website

অসমত UCC প্ৰৱৰ্তনৰ প্রস্তুতি? মুখ্যমন্ত্ৰীৰ ইংগিতত তীব্ৰ চৰ্চা

  • অসমত UCC (Uniform Civil Code) আনিবলৈ চৰকাৰৰ পৰিকল্পনা
  • বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সম্ভাৱনা
  • সকলো বিবাহৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক হ’ব পাৰে
  • বিবাহৰ ন্যূনতম বয়স কঠোৰভাৱে কার্যকৰী কৰাৰ আলোচনা
  • লিভ-ইন সম্পৰ্ক নিয়ন্ত্ৰণৰ বিষয়েও চিন্তা চৰ্চা
  • পুত্ৰ-কন্যাৰ সমান সম্পত্তিৰ অধিকাৰ নিশ্চিত কৰাৰ প্ৰস্তাৱ

বহু বিবাহ বন্ধৰ পৰা সম্পত্তিৰ অধিকাৰলৈ সম্ভাৱ্য কটকটীয়া সিদ্ধান্ত

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৩ মে’: অসমত শীঘ্ৰেই Uniform Civil Code (UCC) প্ৰৱৰ্তনৰ দিশে ৰাজ্য চৰকাৰে আগবাঢ়িব পাৰে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়াৰ পিছতে ৰাজ্যজুৰি ব্যাপক আলোচনা আৰম্ভ হৈছে। গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে UCC সন্দৰ্ভত কেইবাটাও গুৰুত্বপূর্ণ বিষয় উত্থাপন কৰে।

মুখ্যমন্ত্ৰীৰ বক্তব্য অনুসৰি, সমাজত সমতা আৰু ন্যায় নিশ্চিত কৰাৰ উদ্দেশ্যে কিছু কঠোৰ সিদ্ধান্ত লোৱা হ’ব পাৰে। ইয়াৰ ভিতৰত বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা, সকলো বিবাহৰ ক্ষেত্ৰত চৰকাৰী পঞ্জীয়ন বাধ্যতামূলক কৰা আৰু বিবাহৰ ন্যূনতম বয়স কঠোৰভাৱে মানি চলা অন্তর্ভুক্ত থাকিব পাৰে।

ইয়াৰ উপৰিও, লিভ-ইন সম্পৰ্কক লৈও নতুন নিয়ম প্ৰৱৰ্তনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। একে সময়তে পুত্ৰ আৰু কন্যাৰ মাজত সমান সম্পত্তিৰ অধিকাৰ নিশ্চিত কৰাৰ বিষয়টোও UCC-ৰ অন্যতম লক্ষ্য হ’ব বুলি ধৰা হৈছে।

চৰকাৰী মহলৰ মতে, UCC প্ৰৱৰ্তনৰ মূল উদ্দেশ্য হৈছে সকলো নাগৰিকৰ বাবে একে আইনী ব্যৱস্থা নিশ্চিত কৰা। যদিও বিষয়টো লৈ বিভিন্ন মহলত মিশ্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে, তথাপিও অসম ৰাজনীতিত এই বিষয় এতিয়া অন্যতম চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *