Global Assam News

Global and Local Assam News Website

সংকল্প পত্ৰৰ সকলো প্ৰতিশ্ৰুতি পূৰণ হ’ব; অসমত উত্থাপন হ’ব UCC

  • ২৬ মে’ত অসম বিধানসভাত উত্থাপন হ’ব UCC খচৰা
  • ২ লাখ চৰকাৰী চাকৰিৰ বাবে গঠন হ’ব বিশেষ টাস্ক ফ’ৰ্চ
  • ছমাহলৈ নতুন চৰকাৰী গাড়ী ক্ৰয় বন্ধ
  • বিদেশ ভ্ৰমণত নিষেধাজ্ঞা মন্ত্ৰী-কৰ্মচাৰীসকলৰ ওপৰত
  • ১৫-২০ বছৰৰ পুৰণি পেট্ৰ’ল-ডিজেল গাড়ী ধাপে ধাপে বন্ধ কৰাৰ সিদ্ধান্ত
  • ৮ ছেপ্টেম্বৰত ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব ড° ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান
  • মহাধিবক্তা হিচাপে পুনৰ নিযুক্তি দেৱজিৎ লন শইকীয়াৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰথম কেবিনেট বৈঠকত একাধিক গুৰুত্বপূর্ণ সিদ্ধান্ত

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৩ মে’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত নতুন চৰকাৰৰ প্ৰথম কেবিনেট বৈঠকত আজি একাধিক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটে ঘোষণা কৰে যে আগন্তুক পাঁচ বছৰত ‘সংকল্প পত্ৰ’ত উল্লেখ থকা ৩১টা প্ৰতিশ্ৰুতি সম্পূৰ্ণ ৰূপে বাস্তৱায়ন কৰা হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ মে’ত হায়দৰাবাদ কনভেনশ্যন হলৰ পৰা দেশবাসীক জনোৱা ১৪ দফীয়া আহ্বানৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে ব্যয় সংকোচনমূলক একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। আমেৰিকা-ইৰাণ সংঘাতৰ ফলত সম্ভাৱ্য ইন্ধন সংকটৰ প্ৰতি লক্ষ্য ৰাখি পেট্ৰ’ল আৰু ডিজেল ব্যৱহাৰত ২০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়।

কেবিনেটে Uniform Civil Code (UCC)-ৰ খচৰা অনুমোদন জনায়। এই খচৰা ২৬ মে’ত অসম বিধানসভাত উত্থাপন কৰা হ’ব। চৰকাৰে স্পষ্ট কৰি দিয়ে যে জনজাতীয় সমাজ আৰু ধৰ্মীয় ৰীতি-নীতি UCC-ৰ আওতাৰ বাহিৰত থাকিব। খচৰাত বিবাহৰ ন্যূনতম বয়স, বহুবিবাহ আৰু মহিলাৰ সম্পত্তিৰ অধিকাৰৰ দৰে বিষয় অন্তর্ভুক্ত কৰা হৈছে।

ছমাহলৈ কোনো নতুন চৰকাৰী গাড়ী ক্ৰয় কৰা নহ’ব বুলি ঘোষণা কৰা হয়। মন্ত্ৰীসকলক নতুন গাড়ী নিদিয়া, কনভয়ৰ আকাৰ হ্ৰাস কৰা আৰু বিদেশ ভ্ৰমণ বন্ধ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে। চৰকাৰী বৈঠকসমূহ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। একে সময়তে বিদেশী সামগ্ৰী ক্ৰয় নকৰাৰ সিদ্ধান্তও লোৱা হয়।

ৰাজ্যত ২ লাখ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ মুখ্য সচিবৰ নেতৃত্বত বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব। এই টাস্ক ফ’ৰ্চে তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।

ইফালে, অসম বিজেপি ৰাজ্যিক সমিতিয়ে হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱা জীৱনৰ ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *