অসমৰ আগৰউডে খুলিলে বিশ্ব বজাৰৰ দুৱাৰ
- অসমৰ পৰা প্ৰথমবাৰৰ বাবে বৈধভাৱে আগৰউড (Agarwood/Oud) ৰপ্তানি
- ছৌদি আৰবলৈ ১০০ কেজি আৰু ইউএইলৈ ১২ কেজি আগৰউড চিপছ প্ৰেৰণ
- মুঠ চালানৰ মূল্য প্ৰায় ২.৩৫ কোটি টকা
- CITES অনুমতি আৰু DGFT লাইচেঞ্চ লাভৰ পাছত সম্পন্ন ৰপ্তানি
- বছৰি ৫০ হাজাৰ কোটি টকাৰ উদ্যোগ হিচাপে গঢ় লৈ উঠাৰ সম্ভাৱনা
ছৌদি আৰব আৰু ইউএইলৈ প্ৰথম বৈধ ৰপ্তানি; বছৰি ৫০ হাজাৰ কোটি টকাৰ উদ্যোগৰ সম্ভাৱনা
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৪ মে’: অসমে আগৰউড উদ্যোগত এক ঐতিহাসিক সফলতা লাভ কৰিছে। ৰাজ্যখনৰ পৰা প্ৰথমবাৰৰ বাবে সকলো আইনী অনুমোদন লাভ কৰি ছৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহীত (UAE) আগৰউড চিপছ ৰপ্তানি কৰা হৈছে। এই ৰপ্তানিক অসমৰ কৃষি-অৰণ্যভিত্তিক অৰ্থনীতিৰ বাবে এক নতুন অধ্যায় বুলি গণ্য কৰা হৈছে।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাৰ্গো টাৰ্মিনেলৰ পৰা বুধবাৰে এই চালান প্ৰেৰণ কৰা হয়। ইয়াত ছৌদি আৰবলৈ ১০০ কেজি আৰু ইউএইলৈ ১২ কেজি আগৰউড চিপছ পঠোৱা হয়। চালানটোৰ মূল্য প্ৰায় ২.৩৫ কোটি টকা বুলি জানিব পৰা গৈছে।
সকলো আইনী অনুমতিৰে সম্পন্ন ৰপ্তানি
এই ৰপ্তানিৰ বাবে CITES পাৰমিট আৰু Directorate General of Foreign Trade (DGFT)-ৰ বিশেষ লাইচেঞ্চ লাভ কৰা হৈছিল। MJI Group-ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা All Assam Agarwood Planters & Traders Association-ৰ অধ্যক্ষ ড° জেহিৰুল ইছলামে এই চালান ফ্লেগ অফ কৰে।
ড° ইছলামে কয় যে বহু বছৰৰ গৱেষণা, নীতি-সংগ্ৰাম, কৃষকৰ সহযোগিতা আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰণৰ ফলতেই এই সফলতা সম্ভৱ হৈছে।
বিশ্ব বজাৰত অসম আগৰউডৰ চাহিদা বৃদ্ধি
“Oud” নামেৰে বিশ্বজুৰি জনপ্ৰিয় আগৰউড বিলাসী সুগন্ধি, ধূপ, প্ৰসাধন সামগ্ৰী আৰু ঐতিহ্যবাহী সামগ্ৰীত ব্যৱহাৰ কৰা হয়। বিশেষকৈ অসমত উৎপাদিত আগৰউডৰ উৎকৃষ্ট গুণাগুণ, সুগন্ধ আৰু অধিক তেলীয় উপাদানৰ বাবে গাল্ফ দেশসমূহত ইয়াৰ বিশেষ চাহিদা আছে।
গ্ৰাম্য অৰ্থনীতিৰ বাবে নতুন সম্ভাৱনা
বিশেষজ্ঞসকলৰ মতে, আগৰউড উদ্যোগৰ সংগঠিত বিকাশে অসমৰ গ্ৰাম্য অৰ্থনীতিত বৃহৎ পৰিৱর্তন আনিব পাৰে। এই উদ্যোগৰ জৰিয়তে কৃষক, ডিষ্টিলাৰী ইউনিট, ক্ষুদ্ৰ উদ্যোগ আৰু যুৱ সমাজৰ বাবে নতুন নিয়োগৰ সুযোগ সৃষ্টি হ’ব।
উল্লেখযোগ্য যে, Assam Agarwood Promotion Policy, 2020-ৰ জৰিয়তে চৰকাৰে আগৰউড চাষ, প্ৰক্ৰিয়াকৰণ আৰু ৰপ্তানিক বৈধ আৰু স্বচ্ছ ৰূপ দিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।
