ছিক্কিমৰ ৫১ সংখ্যক ৰাজ্যিক দিৱসত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অংশগ্ৰহণ
- কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া
- ছিক্কিমৰ ৫১ সংখ্যক ৰাজ্যিক দিৱস উদযাপনত অংশগ্ৰহণ কৰে
- অনুষ্ঠানত উপস্থিত থাকে উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আৰু ছিক্কিমৰ মুখ্যমন্ত্ৰী পিএছ তামাঙ
- ২২৩ কোটি টকাৰ ২১টা এমড’নাৰ-সমৰ্থিত প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হয়
- উন্নয়ন, পৰ্যটন, সংযোগ ব্যৱস্থা আৰু পৰিবেশ সংৰক্ষণ ক্ষেত্ৰত ছিকিমৰ অগ্ৰগতিৰ প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰীয়ে
- ৰাজ্যিক দিৱসত উন্নয়ন আৰু সাংস্কৃতিক ঐতিহ্যৰ বাৰ্তা
উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আৰু মুখ্যমন্ত্ৰী পিএছ তামাঙৰ উপস্থিতিত ২২৩ কোটি টকাৰ ২১টা প্ৰকল্পৰ উদ্বোধন
সমগ্ৰ সমাচাৰ সেৱা
ছিক্কিম, ১৭ মে’: কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ছিক্কিম বহনক্ষম বিকাশৰ এক অগ্ৰণী আদৰ্শ হিচাপে আত্মপ্ৰকাশ কৰিছে। ছিক্কিমৰ ৫১ সংখ্যক ৰাজ্যিক দিৱস উপলক্ষে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰয়ে অংশগ্ৰহণ কৰি ৰাজ্যখনৰ উন্নয়নমূলক যাত্ৰাৰ ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আৰু মুখ্যমন্ত্ৰী পিএছ তামাঙ উপস্থিত থাকে।
অনুষ্ঠানত এমড’নাৰৰ সহায়ত ৰূপায়িত ২২৩ কোটি টকাৰ ২১টা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হয়। এই প্ৰকল্পসমূহে পৰিকাঠামো উন্নয়ন, গ্ৰাম্য সংযোগ, পৰ্যটন, স্বাস্থ্য আৰু জীৱনমান উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হয়।
কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই ভাষণত কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ছিকিমে বহনক্ষম বিকাশ, পৰিবেশ সংৰক্ষণ আৰু জনমুখী শাসনৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ বাবে এক উদাহৰণ স্থাপন কৰিছে।
তেওঁ লগতে কয় যে উত্তৰ-পূব ভাৰতৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত ছিক্কিমে এক বিশেষ ভূমিকা পালন কৰি আহিছে আৰু কেন্দ্ৰ চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে অব্যাহতভাৱে সহায় আগবঢ়াই যাব।
