অসম চৰকাৰৰ AI ৰূপান্তৰৰ দিশে বৃহৎ পদক্ষেপ
- অসম চৰকাৰৰ AI গ্ৰহণ আৰু ৰূপায়ণ বিষয়ক ষ্টিয়াৰিং কমিটীৰ বৈঠক অনুষ্ঠিত
- ৫০ৰো অধিক বিভাগত ৩৪৩টা AI প্ৰকল্পৰ ধাৰণা চিনাক্ত
- “Build Once, Use by All” মডেলত AI ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত জোৰ
- নাগৰিক সেৱা, অভিযোগ নিষ্পত্তি আৰু তথ্য পৰিচালনাত AI ব্যৱহাৰৰ পৰিকল্পনা
- ডিজিটেল ৰূপান্তৰ আৰু উন্নত শাসন ব্যৱস্থাৰ বাবে নতুন ৰোডমেপ প্ৰস্তুত
৫০ৰো অধিক বিভাগত ৩৪৩টা AI প্ৰকল্প চিনাক্ত, নাগৰিক সেৱা উন্নত কৰিবলৈ নতুন ৰণনীতি
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৭ মে’: অসম চৰকাৰে কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰৰ জৰিয়তে শাসন ব্যৱস্থা অধিক দক্ষ আৰু জনমুখী কৰি তুলিবলৈ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ ২০২৬ চনৰ মাৰ্চ মাহৰ নিৰ্দেশ অনুসৰি সকলো বিভাগে নাগৰিক সেৱাত AI-ৰ সম্ভাৱ্য ব্যৱহাৰ বিচাৰি উলিয়াবলৈ এক বিশেষ অনুশীলন আৰম্ভ কৰিছিল।
ইয়াৰ অংশ হিচাপে AI Adoption and Implementation বিষয়ক ষ্টিয়াৰিং কমিটীৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত চৰকাৰী বিভাগসমূহত AI গ্ৰহণৰ কৌশলগত ৰোডমেপ, জনসেৱা উন্নয়ন আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ বিষয়সমূহ আলোচনা কৰা হয়।
বৈঠকত এতিয়ালৈকে হোৱা অগ্ৰগতি পৰ্যালোচনা কৰা হয়। AI Inventory Exercise-ৰ জৰিয়তে ৫০ৰো অধিক বিভাগত ৩৪৩টা সম্ভাৱ্য AI প্ৰকল্প চিনাক্ত কৰা হৈছে। এই প্ৰকল্পসমূহক ১১টা থীমেটিক ক্লাষ্টাৰত সংগঠিত কৰা হৈছে।
বৈঠকত “Build Once, Use by All” মডেল গ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। অৰ্থাৎ, কেন্দ্ৰীয়ভাৱে AI সক্ষমতা গঢ়ি তুলি বিভিন্ন বিভাগে একে ব্যৱস্থা ব্যৱহাৰ কৰিব পাৰিব।
ইয়াৰ উপৰিও AI-সক্ষম নাগৰিক সেৱা, অভিযোগ নিষ্পত্তি প্লেটফৰ্ম আৰু তথ্য পৰিচালনা কাঠামো দ্রুত ৰূপায়ণৰ ওপৰত আলোচনা কৰা হয়। চৰকাৰৰ মতে, এই পদক্ষেপসমূহে অসমত পৰৱৰ্তী প্ৰজন্মৰ শাসন সংস্কাৰ আৰু ডিজিটেল ৰূপান্তৰত নতুন গতি আনিব।
