অসমত বিশ্ব বেংকৰ সহায়ত চলি থকা প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা
- অসমত বিশ্ব বেংকৰ সহায়ত ৭টা বৃহৎ প্ৰকল্প ৰূপায়ণ চলি আছে
- মুঠ প্ৰকল্প ব্যয় প্ৰায় ১৬,৬৪৮ কোটি টকা
পৰিবহণ, স্বাস্থ্য, শিক্ষা, নদী ব্যৱস্থাপনা আৰু - ডিজিটেল শাসন ব্যৱস্থাত বিশেষ গুৰুত্ব
- PPP মডেল আৰু সম্পদ ব্যৱস্থাপনা তহবিল গঠনৰ প্ৰস্তাৱ
- বিশ্ব বেংকে অসমৰ অগ্ৰগতিক প্ৰশংসা কৰি সহযোগিতা অব্যাহত ৰখাৰ আশ্বাস
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিশ্ব বেংকৰ আঞ্চলিক উপ-সভাপতিৰ সৈতে উচ্চস্তৰীয় বৈঠক
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৯ মে’: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্য চৰকাৰৰ উচ্চপদস্থ প্ৰতিনিধিদলে বিশ্ব বেংকৰ আঞ্চলিক উপ-সভাপতি জোহানেছ জুটৰ নেতৃত্বাধীন প্ৰতিনিধিদলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত বিশ্ব বেংকৰ জ্যেষ্ঠ বিষয়াবৰ্গ জেন জংইউন ওহ আৰু অৰ্ণব বন্দোপাধ্যায় উপস্থিত আছিল।
বৈঠকত অসমত বিশ্ব বেংকৰ সহায়ত চলি থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে আগন্তুক সহযোগিতাৰ ক্ষেত্ৰসমূহ আলোচনা কৰা হয়। বৰ্তমান অসমত বিশ্ব বেংকৰ সহায়ত ৭টা বৃহৎ প্ৰকল্প ৰূপায়ণ চলি আছে, যাৰ মুঠ ব্যয় প্ৰায় ১৬,৬৪৮ কোটি টকা। ইয়াৰ ভিতৰত বিশ্ব বেংকৰ সহায়ৰ পৰিমাণ প্ৰায় ১৩,৩২০ কোটি টকা।
আলোচনাত Assam Inland Water Transport Project, Assam Integrated River Basin Management Project, ASSIST স্বাস্থ্য প্ৰকল্প, Resilient Rural Bridges Program, Hill Area Road Development Project, Governance and Service Delivery Program আৰু School Education and Adolescent Wellbeing Project-ৰ অগ্ৰগতি বিশেষভাৱে পৰ্যালোচনা কৰা হয়।
বৈঠকত ৰাজ্য চৰকাৰে ডিজিটেল শাসন, জলবায়ু সহনশীল পৰিকাঠামো আৰু নাগৰিক-কেন্দ্ৰিক সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে PPP মডেলৰ উন্নয়ন, সম্পদ ব্যৱস্থাপনা তহবিল গঠন আৰু ডিজিটেল Asset Management Information System স্থাপনৰ বাবে বিশ্ব বেংকৰ সহযোগিতা বিচৰা হয়।
বিশ্ব বেংকৰ প্ৰতিনিধিদলে অসমৰ উন্নয়নমূলক পদক্ষেপ আৰু প্ৰকল্প ৰূপায়ণৰ অগ্ৰগতিক প্ৰশংসা কৰি আগন্তুক সময়তো পূৰ্ণ সহযোগিতা অব্যাহত ৰখাৰ আশ্বাস দিয়ে।
