Global Assam News

Global and Local Assam News Website

অসম ক্ৰিকেটৰ গৌৰৱ সংৰক্ষণলৈ নতুন পদক্ষেপ

  • মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে অসম ক্ৰিকেট মিউজিয়াম
  • বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ প্ৰাঙ্গণত স্থাপন কৰা হৈছে মিউজিয়াম
  • অসম ক্ৰিকেটৰ ইতিহাস আৰু গৌৰৱময় মুহূৰ্ত সংৰক্ষণৰ লক্ষ্য
  • “The Golden Innings : Legacy of Assam Cricket” শীৰ্ষক তথ্যচিত্ৰ উন্মোচন
  • ১৯৪৮ চনৰ পৰা অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ যাত্ৰা দাঙি ধৰা হৈছে তথ্যচিত্ৰত

বৰ্ষাপাৰাত উদ্বোধন “অসম ক্ৰিকেট মিউজিয়াম”, উন্মোচন তথ্যচিত্ৰ ‘The Golden Innings’

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৯ মে’: হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ প্ৰাঙ্গণত “অসম ক্ৰিকেট মিউজিয়াম” উদ্বোধন কৰে। ৰাজ্যখনৰ ক্ৰিকেট ইতিহাস, উল্লেখযোগ্য সাফল্য আৰু স্মৰণীয় মুহূৰ্তসমূহ সংৰক্ষণ আৰু নতুন প্ৰজন্মৰ আগত উপস্থাপন কৰাৰ উদ্দেশ্যে এই মিউজিয়াম স্থাপন কৰা হৈছে।

এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে “The Golden Innings : Legacy of Assam Cricket” শীৰ্ষক এখন বিশেষ তথ্যচিত্ৰও উন্মোচন কৰে। তথ্যচিত্ৰখনত ১৯৪৮ চনত আৰম্ভ হোৱা অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ দীঘলীয়া যাত্ৰা, বিভিন্ন সময়ৰ উল্লেখযোগ্য সাফল্য আৰু ৰাজ্যখনৰ ক্ৰিকেট বিকাশৰ কাহিনী দাঙি ধৰা হৈছে।

অনুষ্ঠানত ক্ৰীড়া জগতৰ বহু বিশিষ্ট ব্যক্তি, ক্ৰিকেট প্ৰশাসক আৰু খেলুৱৈ উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে কয় যে, এই মিউজিয়াম কেৱল অতীতৰ স্মৃতি সংৰক্ষণৰ ক্ষেত্ৰ নহয়, ই আগন্তুক প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি অধিক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *