ইটানগৰত তীব্ৰ LPG সংকট, তৃতীয় দিনতো দীঘলীয়া লাইনত ভোগান্তি
Oplus_131072
- ইটানগৰৰ বিভিন্ন স্থানত তীব্ৰ LPG সংকট অব্যাহত
- গেছ ৰিফিলৰ বাবে তৃতীয় দিন ধৰি দীঘলীয়া শাৰী
- ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰি ভোগান্তিত সাধাৰণ ৰাইজ
- গেছ যোগান সংকটক লৈ বৃদ্ধি উদ্বেগ আৰু ক্ষোভ
তৃতীয় দিনতো স্বাভাৱিক নহ’ল পৰিস্থিতি
সমগ্ৰ সমাচাৰ সেৱা
অৰুণাচল প্ৰদেশ, ২১ মে’: অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত LPG (ৰন্ধন গেছ) সংকট তীব্ৰ ৰূপ ধাৰণ কৰিছে। তৃতীয় দিন ধৰি গেছ ৰিফিলৰ বাবে বিভিন্ন গেছ এজেন্সীৰ সন্মুখত দীঘলীয়া শাৰী দেখা গৈছে। বহু লোকক পুৱাৰ পৰা ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰি থাকিবলগীয়া হৈছে, যাৰ ফলত সাধাৰণ জনজীৱনত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে।
খবৰ অনুসৰি, গেছ চিলিণ্ডাৰ সংগ্ৰহ কৰিবলৈ বহু বাসিন্দাই সোনকালে শাৰী ধৰিবলগীয়া হৈছে। গেছ যোগান কম হোৱা আৰু চাহিদা বৃদ্ধি পোৱাৰ ফলত সংকট অধিক গভীৰ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ ফলত ঘৰুৱা কাম-কাজত সমস্যাৰ সৃষ্টি হোৱাৰ লগতে ৰাইজৰ মাজত উদ্বেগ বৃদ্ধি পাইছে।
ইয়াৰ মাজতে চৰকাৰী পক্ষই গেছৰ যোগান স্বাভাৱিক বুলি দাবী কৰি আতংকিত হৈ অতিৰিক্ত বুকিং বা মজুত নকৰিবলৈ গ্ৰাহকক আহ্বান জনাইছে। তথাপিও ক্ষেত্ৰত গেছ এজেন্সীৰ সন্মুখত দীঘলীয়া শাৰী আৰু ৰাইজৰ ভোগান্তি অব্যাহত আছে।
