ভাৰতৰ বস্ত্ৰ ঐতিহ্য বিশ্বমঞ্চত: ইটালীৰ প্ৰধানমন্ত্ৰীক মুগা আৰু শিৰুই লিলি চাদৰ উপহাৰ মোদীৰ
Oplus_131072
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰ্জিয়া মেলোনীক বিশেষ বস্ত্ৰ উপহাৰ প্ৰদান
- অসমৰ পৰম্পৰাগত মুগা চিল্ক চাদৰ উপহাৰৰ অন্যতম আকৰ্ষণ
- মণিপুৰৰ শিৰুই লিলি চিল্ক চাদৰেও লাভ কৰে বিশেষ স্থান
- ভাৰতৰ সমৃদ্ধ বস্ত্ৰ ঐতিহ্য বিশ্বমঞ্চত পুনৰ উজ্বল
ঐতিহ্যৰে কূটনৈতিক সম্পৰ্কৰ নিদৰ্শন
সমগ্ৰ সমাচাৰ সেৱা
ইটালী, ২১ মে’: ভাৰতৰ সমৃদ্ধ বস্ত্ৰ ঐতিহ্যক বিশ্বমঞ্চত পুনৰ উজ্বল কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীক অসমৰ পৰম্পৰাগত মুগা চিল্ক চাদৰ আৰু মণিপুৰৰ শিৰুই লিলি চিল্ক চাদৰ উপহাৰ হিচাপে প্ৰদান কৰে। এই উপহাৰৰ জৰিয়তে ভাৰত-ইটালীৰ মাজত সাংস্কৃতিক সম্পৰ্কৰ এক বিশেষ নিদৰ্শন প্ৰতিফলিত হয়।
অসমৰ “গোল্ডেন চিল্ক” হিচাপে পৰিচিত মুগা চিল্ক ইয়াৰ স্বাভাৱিক সোণালী উজ্জ্বলতা, দীঘলীয়া স্থায়িত্ব আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঐতিহ্যবাহী কাৰুশিল্পৰ বাবে বিশ্বজুৰি খ্যাত। আনহাতে, মণিপুৰৰ ৰাজ্যিক ফুল শিৰুই লিলিৰ প্ৰেৰণাৰে নিৰ্মিত শিৰুই লিলি চাদৰে পবিত্ৰতা, সাংস্কৃতিক গৌৰৱ আৰু স্থানীয় শিল্পকলাৰ প্ৰতীক হিচাপে বিশেষ তাৎপৰ্য বহন কৰে।
এই বিশেষ উপহাৰৰ জৰিয়তে ভাৰতৰ ঐতিহ্য, সৌন্দৰ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্য বিশ্বমঞ্চত পুনৰ এবাৰ উজলি উঠিল।
