Global Assam News

Global and Local Assam News Website

  • কাৰ্বি পৰম্পৰাগত পোছাকেৰে বিশ্বমঞ্চত উত্তৰ-পূৰ্বৰ সংস্কৃতিৰ উজ্জ্বল উপস্থাপন
  • ২০২৬ কান চলচ্চিত্ৰ উৎসৱত পঞ্চমবাৰৰ বাবে ৰেড কাৰ্পেটত খোজ আইমী বৰুৱাৰ
  • কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত সাজে বিশ্বদৰবাৰত অসমৰ সংস্কৃতিৰ পৰিচয়
  • ‘চেমখৰ’ ছবিৰ জৰিয়তে ইতিমধ্যে লাভ কৰিছে ৰাষ্ট্ৰীয় স্বীকৃতি
  • ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ জুৰী উল্লেখ লাভ কৰিছিল আইমী বৰুৱাই

সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৫ মে’: ফ্ৰান্সত অনুষ্ঠিত ২০২৬ চনৰ প্ৰতিষ্ঠিত কান চলচ্চিত্ৰ উৎসৱত পুনৰবাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনিলে অসমীয়া অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা আইমী বৰুৱাই । এইবাৰ তেওঁ পঞ্চমবাৰৰ বাবে উৎসৱৰ বিখ্যাত ৰেড কাৰ্পেটত উপস্থিত থাকে।

বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰে তেওঁৰ সাজ-পোছাকে। আইমী বৰুৱাই এইবাৰ অসমৰ কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত পোছাক পৰিধান কৰি ৰেড কাৰ্পেটত খোজ দিয়ে। ইয়াৰ জৰিয়তে তেওঁ বিশ্বদৰবাৰত উত্তৰ-পূৰ্বাঞ্চলৰ আদিবাসী ঐতিহ্য, সংস্কৃতি আৰু পৰিচয়ক সুন্দৰভাৱে উপস্থাপন কৰে।

উল্লেখযোগ্য যে, আইমী বৰুৱা অসমৰ ডিমাছা ভাষাৰ চলচ্চিত্ৰ চেমখৰৰ জৰিয়তে দেশজুৰি বিশেষ খ্যাতি লাভ কৰিছিল। ছবিখনে অসমৰ আদিবাসী জীৱন, সংস্কৃতি আৰু সামাজিক বাস্তৱতাক গভীৰভাৱে উপস্থাপন কৰিছিল।

২০২২ চনত অনুষ্ঠিত ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ‘চেমখৰ’ শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ শাখাত সন্মান লাভ কৰাৰ লগতে আইমী বৰুৱাক বিশেষ জুৰী উল্লেখেৰে সন্মানিত কৰা হৈছিল। কান চলচ্চিত্ৰ উৎসৱত তেওঁৰ এই উপস্থিতিয়ে পুনৰবাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত উজ্জ্বলভাৱে প্ৰতিনিধিত্ব কৰিলে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *