অৰুণাচলত গুমিন মিজেক কেন্দ্ৰ কৰি উত্তেজনা, ন্যায় নাপালে তীব্ৰ আন্দোলনৰ হুংকাৰ কিপা কানামৰ
Oplus_131072
- গুমিন মিজেক হেফাজতত নিৰ্যাতনৰ অভিযোগ উত্থাপন।
- AAPYO সভাপতি কিপা কানামে তীব্ৰ জনআন্দোলনৰ হুংকাৰ।
- ন্যায় নাপালে অসমীয়াসকলক অৰুণাচল এৰিবলৈ দাবী তোলাৰ সতর্কবাণী।
হেফাজতত শাৰীৰিক নিৰ্যাতনৰ অভিযোগক লৈ উত্তপ্ত অৰুণাচলৰ ৰাজনীতি
সমগ্ৰ সমাচাৰ সেৱা
অৰুণাচল প্ৰদেশ, ২৬ মে’: অৰুণাচল প্ৰদেশত এণ্টি-ড্ৰাগ এক্টিভিষ্ট গুমিন মিজেক কেন্দ্ৰ কৰি নতুনকৈ উত্তেজনাৰ সৃষ্টি হৈছে। All Arunachal Pradesh Youth Organization (AAPYO)-ৰ সভাপতি কিপা কানামে স্পষ্টকৈ কয় যে, যদি হেফাজতত গুমিন মিজেক ওপৰত কোনো ধৰণৰ শাৰীৰিক আক্ৰমণ বা হাৰাশাস্তি সংঘটিত হোৱা বুলি প্ৰমাণিত হয়, তেন্তে ৰাজ্যজুৰি এক শক্তিশালী গণআন্দোলন আৰম্ভ কৰা হ’ব।
কিপা কানামে লগতে কঠোৰ সতৰ্কবাণী দিয়ে যে, যদি ঘটনাটোৰ ন্যায়সঙ্গত তদন্ত আৰু সুবিচাৰ নিশ্চিত নহয়, তেন্তে সংগঠনটোৱে অৰুণাচল প্ৰদেশত বসবাস কৰা অসমীয়াসকলক ৰাজ্য এৰিবলৈ দাবী জনাই আন্দোলন আৰম্ভ কৰিব পাৰে। তেওঁৰ এই মন্তব্যই ইতিমধ্যে ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
AAPYO-ৰ এই হুংকাৰৰ পিছত ঘটনাটোক লৈ ৰাজনৈতিক আৰু সামাজিক মহলত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। এতিয়া গুমিন মিজেকৰ অভিযোগ আৰু ইয়াৰ তদন্তক লৈ সকলোৰে দৃষ্টি কেন্দ্ৰিত হৈছে।
