ত্বিশা শৰ্মাৰ মৃত্যুকাণ্ডত CBI তদন্ত আৰম্ভ, স্বামী-শাহুৰ বিৰুদ্ধে FIR
Oplus_131072
- উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ত্বিশা শৰ্মাৰ মৃত্যুকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে CBIয়ে।
- স্বামী সমৰ্থ সিং আৰু শাহুৱেক গিৰিবালা সিঙৰ বিৰুদ্ধে FIR ৰুজু।
- BNS ২০২৩ৰ একাধিক ধাৰা আৰু Dowry Prohibition Act-ৰ অধীনত গোচৰ।
- ক্ষিপ্ৰতাৰে তদন্ত আগবঢ়াবলৈ CBIক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত CBIৰ পদক্ষেপ
সমগ্ৰ সমাচাৰ সেৱা
ভূপাল, ২৬ মে’: ভূপালত ৰহস্যজনক পৰিস্থিতিত মৃত্যু হোৱা ত্বিশা শৰ্মাৰ মৃত্যুকাণ্ডত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতেই তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্ত সংস্থা (CBI)য়ে। সংস্থাটোৱে ত্বিশা শৰ্মাৰ স্বামী সমৰ্থ সিং আৰু শাহুৱেক গিৰিবালা সিঙৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে FIR ৰুজু কৰিছে।
CBIয়ে ভাৰতীয় ন্যায় সংহিতা (BNS) ২০২৩ৰ ধাৰা ৮০(২), ৮৫ আৰু ৩(৫)ৰ লগতে Dowry Prohibition Act, 1961-ৰ ৩ আৰু ৪ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। অভিযোগ অনুসৰি, ত্বিশা শৰ্মাৰ মৃত্যুৰ সৈতে জড়িত সন্দেহজনক পৰিস্থিতি আৰু যৌতুকজনিত অভিযোগৰ দিশসমূহ তদন্তৰ আওতালৈ অনা হৈছে।
চলিত মাহৰ আৰম্ভণিতে ভূপালস্থিত শহুৰেকৰ ঘৰত ত্বিশা শৰ্মাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা ঘটনাটোক লৈ ব্যাপক চাঞ্চল্য সৃষ্টি হৈছিল। সোমবাৰে উচ্চতম ন্যায়ালয়ে CBIক তদন্তৰ দায়িত্ব গ্ৰহণ কৰি ক্ষিপ্ৰতাৰে অনুসন্ধান আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। এতিয়া এই তদন্তে ঘটনাটোৰ প্ৰকৃত সত্য উদঘাটন কৰিব বুলি আশা প্ৰকাশ কৰিছে পৰিয়াল আৰু সচেতন মহলে।
