Global Assam News

Global and Local Assam News Website

অসম বিধানসভা নিৰ্বাচন ২০২৬: গণনা আৰম্ভ

  • পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ
  • প্ৰাথমিক ধাৰণাত ভাৰতীয় জনতা পাৰ্টী ১০টা আৰু কংগ্ৰেছ ৬টা আসনত আগত
  • প্ৰথমে Postal Ballot গণনা, তাৰ পিছত EVM ভোট
  • ৰাজ্যজুৰি ৩৫ জিলাত ৪০টা গণনা কেন্দ্ৰ
  • সুৰক্ষাৰ বাবে ২৫ কোম্পানী কেন্দ্ৰীয় বাহিনী নিয়োজিত

গণনা প্ৰক্ৰিয়া আৰম্ভ

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৪ মে’: সোমবাৰে পুৱা ৮ বজাৰ পৰা অসমৰ ১২৬টা বিধানসভা আসনৰ ভোট গণনা আৰম্ভ হৈছে। প্ৰথমতে Postal Ballot গণনা কৰা হৈছে আৰু তাৰ পিছত EVM-ত দিয়া ভোট গণনা আৰম্ভ হ’ব। এই মুহূৰ্তত টেলিভিছন ধাৰণাত শাসকীয় ভাৰতীয় জনতা পাৰ্টী ১০টা আসনত আগত আছে, আনহাতে কংগ্ৰেছ ৬টা আসনত আগবঢ়ি আছে। চৰকাৰী সংখ্যা এতিয়াও নিৰ্বাচন আয়োগে প্ৰকাশ কৰা নাই।

সমগ্ৰ ৰাজ্যৰ ৩৫টা জিলাত মুঠ ৪০টা গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। নগাঁওত ৩টা কেন্দ্ৰ থকাৰ লগতে কোকৰাঝাৰ, তিনিচুকীয়া আৰু যোৰহাটত ২টা কৰি কেন্দ্ৰ আছে। আন জিলাসমূহত এটা কৰি কেন্দ্ৰ স্থাপন কৰা হৈছে।

এইবাৰ মুঠ ৭২২ জন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , APCC সভাপতি গৌৰৱ গগৈ , AIUDF নেতা বদৰুদ্দিন আজমল আদি বহুল জনপ্ৰিয় নেতা এই নিৰ্বাচনত অংশ লৈছে।

গণনা কেন্দ্ৰসমূহত কটকটীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। Strongroomসমূহৰ ৰক্ষাৰ বাবে ২৫ কোম্পানী কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী নিয়োজিত কৰা হৈছে।

এই ফলাফলে আগন্তুক ৫ বছৰৰ বাবে অসমৰ ৰাজনৈতিক দিশ নিৰ্ধাৰণ কৰিব। NDA তৃতীয়বাৰ চৰকাৰ গঠন কৰিব নে কংগ্ৰেছ-নেতৃত্বাধীন জোটে ক্ষমতা দখল কৰিব—সেইটো এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *