অসম বিধানসভাত মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণ সংকল্প সৰ্বসম্মতিক্ৰমে গৃহীত
Oplus_131072
- অসম বিধানসভা অধিৱেশনত মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণ সংকল্প গৃহীত।
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি ২৯ গৰাকী বিধায়কে বক্তব্য আগবঢ়ায়।
- সকলো দলৰ সমৰ্থনত সংকল্প সৰ্বসম্মতিক্ৰমে পাশ হয়।
- অধিৱেশনৰ অন্তিম দিনা UCC বিধেয়কো গৃহীত হোৱাৰ সম্ভাৱনা।
বিধানসভাত ঐতিহাসিক সিদ্ধান্ত
সমগ্ৰ সমাচাৰ সেৱা
অসম,২৭ মে’: অসম বিধানসভাৰ চলিত অধিৱেশনত কালি মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ সম্পৰ্কীয় চৰকাৰী সংকল্প প্ৰস্তাৱ সৰ্বসম্মতিক্ৰমে গৃহীত হয়। এই সংকল্পক লৈ বিধানসভাত বিস্তৃত আলোচনা অনুষ্ঠিত হয় আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুঠ ২৯ গৰাকী বিধায়কে নিজৰ মতামত প্ৰকাশ কৰে।
বিধানসভাত উপস্থিত সকলো দলৰ সদস্যই মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আলোচনাৰ অন্তত সংকল্পটো কণ্ঠভোটৰ জৰিয়তে সৰ্বসম্মতিক্ৰমে গৃহীত হয়।
চৰকাৰৰ এই পদক্ষেপক অসমত মহিলাৰ ৰাজনৈতিক ক্ষমতায়নৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সিদ্ধান্ত হিচাপে ধৰা হৈছে। বিশেষকৈ স্থানীয় ৰাজনীতিৰ পৰা আৰম্ভ কৰি বিধানসভা আৰু সংসদীয় ৰাজনীতিত মহিলাৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে এই সংকল্প আনা হৈছে বুলি চৰকাৰী মহলে উল্লেখ কৰে।
ইফালে, অধিৱেশনৰ অন্তিম দিনা বহু বিতৰ্কিত Uniform Civil Code (UCC) বিধেয়কো বিধানসভাত গৃহীত হোৱাৰ সম্ভাৱনা আছে। বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু লিভ-ইন সম্পৰ্কৰ বাবে এক সমান নাগৰিক আইন প্ৰৱৰ্তনৰ লক্ষ্যৰে এই বিধেয়ক উত্থাপন কৰা হৈছে।
