Global Assam News

Global and Local Assam News Website

অসম বিধানসভাত ইউনিফৰ্ম চিভিল কোড (UCC) বিধেয়ক উত্থাপন

Oplus_131072

  • অসম চৰকাৰে বিধানসভাত “Uniform Civil Code, Assam, 2026” বিধেয়ক উত্থাপন
  • বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু লিভ-ইন সম্পৰ্কৰ বাবে একেই নাগৰিক আইন প্ৰস্তাৱ
    বহুবিবাহ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ অন্তর্ভুক্ত
  • লিভ-ইন সম্পৰ্ক বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰাৰ ব্যৱস্থা

অনুসূচিত জনজাতিক বিধেয়কৰ আওতাৰ বাহিৰত ৰখা হৈছে

সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৭ মে’: অসম চৰকাৰে সোমবাৰে ১৬ সংখ্যক অসম বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনত “Uniform Civil Code (UCC), Assam, 2026” বিধেয়ক উত্থাপন কৰে। মুখ্যমন্ত্ৰী Himanta Biswa Sarma-ৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই বিধেয়কখন সদনত দাখিল কৰে।

এই বিধেয়কৰ জৰিয়তে ৰাজ্যখনত বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু লিভ-ইন সম্পৰ্কৰ ক্ষেত্ৰত সকলো নাগৰিকৰ বাবে একে নাগৰিক আইন প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। লগতে বহুবিবাহ নিষিদ্ধ কৰাৰ লগতে বিবাহ, বিবাহ বিচ্ছেদ আৰু লিভ-ইন সম্পৰ্ক বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰাৰ ব্যৱস্থাও অন্তর্ভুক্ত কৰা হৈছে।

বিধেয়কখনত অনুসূচিত জনজাতিক (ST) এই আইনৰ আওতাৰ বাহিৰত ৰখা হৈছে বুলি জানিব পৰা গৈছে। চৰকাৰৰ মতে, এই পদক্ষেপে সামাজিক সংস্কাৰ আৰু মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাত সহায় কৰিব।
ইফালে, বিধেয়ক উত্থাপনৰ পিছতেই বিৰোধী দলসমূহে ইয়াৰ তীব্ৰ বিৰোধিতা আৰম্ভ কৰিছে। বিৰোধী পক্ষই অধিক আলোচনা আৰু জনমত সংগ্ৰহ নকৰাকৈ বিধেয়ক আনাত আপত্তি উত্থাপন কৰিছে

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *