অসম বিধানসভাত কংগ্ৰেছৰ নতুন নেতৃত্ব ঘোষণা
- ৱাজেদ আলী চৌধুৰীক অসম বিধানসভাত কংগ্ৰেছ বিধায়ক দলৰ নেতা হিচাপে ঘোষণা
- জয় প্ৰকাশ দাসক উপ-নেতা হিচাপে নিযুক্তি
- AICC-ই আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই সিদ্ধান্ত
- দলৰ ভিতৰত কেইবাদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্ত পৰে
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৭ মে’: অসম বিধানসভাত কংগ্ৰেছ দলে অৱশেষত নিজৰ নতুন নেতৃত্ব ঘোষণা কৰিছে। কংগ্ৰেছ হাইকামাণ্ডে ৱাজেদ আলী চৌধুৰীক বিধানসভাত দলৰ নেতা তথা বিৰোধী দলৰ নেতা হিচাপে নিযুক্তি দিছে। একে সময়তে জয় প্ৰকাশ দাসক উপ-নেতা হিচাপে দায়িত্ব অর্পণ কৰা হৈছে।
সৰ্বভাৰতীয় কংগ্ৰেছ কমিটী (AICC)-ৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে আনুষ্ঠানিক বিজ্ঞপ্তিৰ জৰিয়তে এই সিদ্ধান্ত ঘোষণা কৰে। কেইবাদিন ধৰি দলৰ ভিতৰত চলি থকা আলোচনা আৰু জল্পনা-কল্পনাৰ পিছত অৱশেষত এই নেতৃত্ব চূড়ান্ত কৰা হয়।
উল্লেখযোগ্য যে, সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে ১৯খন আসন লাভ কৰিছিল। নতুন সমষ্টি বিৰশিং-জাৰুৱা সমষ্টিৰ পৰা ৱাজেদ আলী চৌধুৰীয়ে উল্লেখযোগ্য জয় লাভ কৰি দলৰ অন্যতম শক্তিশালী মুখ হিচাপে আত্মপ্ৰকাশ কৰিছিল। আনহাতে, নাওবৈচা সমষ্টিৰ পৰা জয় প্ৰকাশ দাসেও জয়লাভ কৰি দলত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে।
দলীয় সূত্ৰ অনুসৰি, আগন্তুক সময়ত বিধানসভাৰ ভিতৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ কৌশল অধিক শক্তিশালীভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে এই নতুন নেতৃত্ব গঠন কৰা হৈছে।
