Global Assam News

Global and Local Assam News Website

৩০ জন মন্ত্ৰীক দপ্তৰ বিতৰণ, একাধিক গুৰুত্বপূর্ণ বিভাগ বিতৰণ

Oplus_131072

  • ৰামেশ্বৰ তেলীক একেলগে তিনিটা গুৰুত্বপূর্ণ বিভাগৰ দায়িত্ব
  • অতুল বৰাৰ হাতত ৪টা বিভাগৰ দায়িত্ব অৰ্পণ
  • চৱন বড়োক দিয়া হ’ল পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগ
  • অৱন্তা নেওগক পৰ্যটন আৰু মহিলা-শিশু উন্নয়ন বিভাগ
  • অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা বিভাগো বিতৰণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নতুন মন্ত্রীসভাত দায়িত্ব বিতৰণ সম্পূৰ্ণ

সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৪ মে’: অসমৰ নতুন মন্ত্রীসভাত ৩০ জন মন্ত্ৰীক বিভিন্ন দপ্তৰৰ দায়িত্ব বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত নতুন চৰকাৰে বিভিন্ন গুৰুত্বপূর্ণ বিভাগ মন্ত্ৰীসকলৰ মাজত বিতৰণ কৰাৰ পাছতেই ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

ৰামেশ্বৰ তেলীৰ হাতত তিনিটা গুৰুত্বপূর্ণ বিভাগ

মন্ত্ৰী ৰামেশ্বৰ তেলীক তিনিটা গুৰুত্বপূর্ণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ ভিতৰত আছে—
শ্ৰমিক কল্যাণ বিভাগ
চাহ জনজাতি আৰু আদিবাসী কল্যাণ দপ্তৰ
ৰূপান্তৰ আৰু উন্নয়ন বিভাগ

অতুল বৰাৰ হাতত ৪টা বিভাগ

মন্ত্ৰী অতুল বৰাক ৪টা বিভাগৰ দায়িত্ব দিয়া হৈছে। তেওঁ লাভ কৰিছে—
আবকাৰী বিভাগ
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ
অসম চুক্তি ৰূপায়ণ বিভাগ
সীমান্ত সুৰক্ষা বিভাগ

চৱন বড়ো আৰু অৱন্তা নেওগকো গুৰুত্বপূর্ণ দায়িত্ব
মন্ত্ৰী চৱন বড়োক দুটা বিভাগৰ দায়িত্ব দিয়া হৈছে—
পৰিবহণ বিভাগ
বড়োলেণ্ড কল্যাণ বিভাগ

ইফালে মন্ত্ৰী অৱন্তা নেওগৰ হাততো দুটা গুৰুত্বপূর্ণ বিভাগ দিয়া হৈছে—

পৰ্যটন বিভাগ
মহিলা আৰু শিশু উন্নয়ন বিভাগ
নতুন দপ্তৰ বিতৰণৰ জৰিয়তে চৰকাৰে উন্নয়নমূলক কাম-কাজ অধিক ত্বৰান্বিত কৰাৰ লক্ষ্য লৈছে বুলি ধাৰণা কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *