অসমৰ মন্ত্ৰীসভাত দপ্তৰ বণ্টন
Oplus_131072
- ৰাজ্যপালে চাৰিগৰাকী মন্ত্ৰীক দপ্তৰ বণ্টন ঘোষণা
- পূৰ্বৰ তুলনাত কেইবাটাও গুৰুত্বপূর্ণ দপ্তৰ কাটি দিয়া হৈছে
- মুখ্য দপ্তৰসমূহ জুন মাহৰ প্ৰথম সপ্তাহত নতুন মন্ত্ৰীক দিয়া হ’ব
- পৰ্যটন, গ্ৰামোন্নয়ন, পৰিবহণ আদি বিভাগত নতুন দায়িত্ব
চাৰিগৰাকী মন্ত্ৰীক নতুন দায়িত্ব, গুৰুত্বপূর্ণ দপ্তৰ এতিয়াও অবণ্টিত
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৪ মে’: অসম চৰকাৰৰ মন্ত্ৰীসভাত পুনৰ দপ্তৰ বণ্টনক লৈ নতুন ৰাজনৈতিক চর্চা আৰম্ভ হৈছে। ৰাজ্যপালে চৰকাৰৰ চাৰিগৰাকী মন্ত্ৰীক নতুনকৈ বিভিন্ন দপ্তৰৰ দায়িত্ব অর্পণ কৰিছে। তবে পূৰ্বে তেওঁলোকৰ হাতত থকা কেইবাটাও গুৰুত্বপূর্ণ মন্ত্ৰালয় এইবাৰ কাটি দিয়া হৈছে বুলি জানিব পৰা গৈছে।
নতুন বণ্টন অনুসৰি, অজন্তা নেওগক মহিলা আৰু শিশু উন্নয়ন বিভাগৰ লগতে পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে। আনহাতে অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সীমান্ত সুৰক্ষা আৰু উন্নয়ন আৰু আবকাৰী বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্রম কল্যাণ আৰু চাহ জনগোষ্ঠী কল্যাণ বিভাগ দিয়া হৈছে। একেদৰে চৰণ বড়োক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়া হৈছে।
সূত্র অনুসৰি, ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূর্ণ দপ্তৰ এতিয়াও অবণ্টিত অৱস্থাত আছে। এই দপ্তৰসমূহ জুন মাহৰ প্ৰথম সপ্তাহত সম্ভাব্য নতুন মন্ত্ৰীসকলৰ মাজত বণ্টন কৰা হ’ব বুলি ৰাজনৈতিক মহলত জল্পনা।
