Global Assam News

Global and Local Assam News Website

অসম বিধানসভা নিৰ্বাচন ২০২৬: বিজেপি নেতৃত্বাধীন NDAৰ জোৰদাৰ আগবাঢ়া

  • NDA (বিজেপি+AGP+BPF) আগত: ৯৮টা আসন
  • কংগ্ৰেছ নেতৃত্বাধীন জোট আগত: ২৬টা আসন
  • AIUDF আগত: ২টা আসন
  • UPPL-এ বিজনীত খাতা খুলি আগবাঢ়া

১১ বজাৰ লাইভ আপডেটত ৯৮টা আসনত NDA আগত, কংগ্ৰেছ জোট ২৬ত সীমাবদ্ধ

সমগ্ৰ সমাচাৰ সেৱা
অসম, ৪ মে’: অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ ভোট গণনাৰ মাজত আজি পুৱা ১১:০০ বজাৰ লাইভ আপডেট অনুসৰি ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA জোটে স্পষ্ট আগবাঢ়া ধৰি ৰাখিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসাৰে, NDA—য’ত ভাৰতীয় জনতা পাৰ্টি (BJP), অসম গণ পৰিষদ (AGP) আৰু বডোলেণ্ড পিপলছ ফ্ৰণ্ট (BPF) অন্তৰ্ভুক্ত—বৰ্তমানলৈকে ৯৮টা সমষ্টিত আগত আছে।
ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন জোটে মাত্ৰ ২৬টা সমষ্টিত আগবাঢ়া লাভ কৰিছে, যাৰ ফলত ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিত NDAৰ শক্তিশালী অৱস্থান স্পষ্ট হৈ পৰিছে।

ইফালে অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট (AIUDF)-এ ২টা সমষ্টিত আগবাঢ়া অব্যাহত ৰাখিছে। আনহাতে, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL)-এ বিজনি সমষ্টিত নিজৰ খাতা মুকলি কৰিছে। সেই সমষ্টিত UPPL প্ৰাৰ্থী কমল সিং নাৰ্জাৰী বৰ্তমান আগত আছে।

এই প্ৰাৰম্ভিক ধাৰা অব্যাহত থাকিলে ৰাজ্যত পুনৰ NDA চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা শক্তিশালী বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে। ভোট গণনা এতিয়াও অব্যাহত আছে আৰু চূড়ান্ত ফলাফলৰ বাবে সকলোৰে দৃষ্টি নিৰ্বাচন আয়োগৰ পৰৱৰ্তী আপডেটলৈ।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *