Global Assam News

Global and Local Assam News Website

অসমত উন্নয়নৰ নতুন অধ্যায়ৰ দিশে

  • নিৰ্বাচনৰ ফলাফলক আগবঢ়াৰ দ্বিতীয় অধ্যায় হিচাপে দেখা হৈছে
  • ৰাজ্যজুৰি আস্থা, আশা আৰু বিশ্বাসৰ পৰিবেশ
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নৰ গতি বৃদ্ধি

বিভিন্ন কল্যাণমূলক আঁচনিয়ে জনজীৱনত স্পষ্ট পৰিৱৰ্তন আনিছে

সমগ্ৰ সমাচাৰ সেৱা
অসম, ৩ মে’: অসমত কাইলৈ ঘোষিত হ’বলগীয়া নিৰ্বাচনৰ ফলাফল কেৱল ৰাজনৈতিক পৰিৱৰ্তনৰ সূচক নহয়, বৰঞ্চ ৰাজ্যখনৰ উন্নয়নৰ নতুন অধ্যায়ৰ আৰম্ভণি হিচাপে গণ্য কৰা হৈছে। ৰাজ্যজুৰি দেখা গৈছে আস্থা, আশাৰ লগতে এক দৃঢ় বিশ্বাসৰ পৰিবেশ।
বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব, উন্নয়নমূলক দৃষ্টিভংগী আৰু দৃঢ় সিদ্ধান্তই অসমক নতুন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি বহুজনৰ মত।

আঁচনী সমূহ ক্ৰমে:-

অৰুণোদয় আঁচনি: দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক মাহিলী ₹১,২৫০ টকা DBTৰ জৰিয়তে প্ৰদান
মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান: যুৱক-যুৱতীসকলক ₹২–₹৫ লাখ টকালৈকে সহায় (৫০% ঋণমুক্ত)
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান: গ্ৰাম্য মহিলাসকলক ₹১০,০০০–₹৫০,০০০ সহায়
চাহ বাগিচাৰ ধন পুৰস্কাৰ: চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে বিশেষ অনুদান
অসম আৰোগ্য নিধি: জটিল ৰোগৰ চিকিৎসাৰ বাবে ₹১.৫–₹৩ লাখ সহায়
আপোনাৰ আপোন ঘৰ: গৃহ ঋণত ৰাজসাহায্যৰ সুবিধা

এই সকলো আঁচনিয়ে কেৱল নীতি-নিয়মৰ সীমাত সীমাবদ্ধ নাথাকি, জনতাৰ দৈনন্দিন জীৱনত দৃশ্যমান পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।

সেয়ে ৰাজ্যবাসী এতিয়া অধিক শক্তিৰ সৈতে উন্নয়নৰ এই যাত্ৰা আগবঢ়াবলৈ সাজু। “HBS 2.0”ৰ আশাৰে অসমে আগবাঢ়ি গৈ আছে এক সুদৃঢ় আৰু উন্নত ভৱিষ্যতৰ দিশে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *