উচ্চতৰ মাধ্যমিক ফলাফল ঘোষণা ২০২৬
- কলা শাখাত উত্তীৰ্ণৰ হাৰঃ ৭৯.৫৪%
- বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰঃ ৮৯.৭৯%
- বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰঃ ৮১.১৩%
- বিজ্ঞান শাখাই পুনৰ আগবঢ়ালে শীৰ্ষ স্থান
- জিলা ভিত্তিত ফলাফলত দেখা গ’ল ভিন্নতা
কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ উত্তীৰ্ণৰ হাৰ প্ৰকাশ
বিজ্ঞান শাখাৰ ফলাফল (Science Stream)সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৮ এপ্ৰিল: অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰকাশ কৰা তথ্য অনুসৰি বিজ্ঞান শাখাত এইবাৰ মুঠ ৬০,৬৬৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত ৫৪,৪৭৪ গৰাকী উত্তীৰ্ণ হয়।
মূল বৈশিষ্ট্যঃ
উত্তীৰ্ণৰ হাৰঃ ৮৯.৭৯%
বহুত জিলা যেনে তামুলপুৰ, বাক্সা, দৰংত অতি উন্নত ফলাফল ,কিছু জিলা যেনে ধেমাজিত তুলনামূলক কম ফলাফল
বাণিজ্য শাখাৰ ফলাফল (Commerce Stream)
বাণিজ্য শাখাত এইবাৰ মুঠ ১৯,৪৬৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত ১৫,৭৯৬ গৰাকী উত্তীৰ্ণ হয়।
মূল বৈশিষ্ট্যঃ
উত্তীৰ্ণৰ হাৰঃ ৮১.১৩%
মাজুলি আৰু দক্ষিণ শালমৰা-মানকাচৰ-ত ১০০% উত্তীৰ্ণ
কিছু জিলা যেনে ধুবুৰী, বঙাইগাঁওত কম উত্তীৰ্ণ হাৰ
কলা শাখাৰ ফলাফল (Arts Stream)
কলা শাখাত সৰ্বাধিক পৰীক্ষাৰ্থী অংশগ্ৰহণ কৰে। মুঠ ২,৪১,১২৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১,৯১,৭৯৮ গৰাকী উত্তীৰ্ণ হয়।
মূল বৈশিষ্ট্যঃ
উত্তীৰ্ণৰ হাৰঃ ৭৯.৫৪%
দৰং, লক্ষীমপুৰ, বাক্সা জিলাত ভাল ফলাফল
কিছু জিলা যেনে কাছাৰত উত্তীৰ্ণৰ হাৰ কম
সামগ্ৰিক বিশ্লেষণ
বিজ্ঞান শাখাই এইবাৰো সৰ্বোচ্চ সফলতা লাভ কৰিছে, কলা শাখাত অংশগ্ৰহণ সৰ্বাধিক,কিন্তু উত্তীৰ্ণৰ হাৰ কম, বাণিজ্য শাখা মধ্যম মানৰ ফলাফল লৈ আগবাঢ়িছে, জিলা অনুসাৰে শিক্ষাৰ মানত স্পষ্ট পাৰ্থক্য দেখা গৈছে এই ফলাফলে অসমৰ শিক্ষাৰ ক্ষেত্ৰত উন্নতি আৰু চেলেঞ্জ দুয়োটা দিশ স্পষ্টকৈ উন্মোচন কৰিছে।
