April 21, 2026

Global Assam News

Global and Local Assam News Website

৩৮ লাখৰো অধিক পৰীক্ষাৰ্থীৰ মাজত ২.৮১ লাখে উত্তীৰ্ণ; জ্যোতিৰ্ময় দাসে শীৰ্ষ স্থান লাভ

৩৮ লাখৰো অধিক পৰীক্ষাৰ্থীৰ মাজত ২.৮১ লাখে উত্তীৰ্ণ; জ্যোতিৰ্ময় দাসে শীৰ্ষ স্থান লাভ
  • মুঠ আবেদনকাৰীঃ ৪,৩৮,৫৬৪ জন
  • পৰীক্ষাত অংশগ্ৰহণঃ ৪,২৯,২৪৯ জন
  • উত্তীৰ্ণঃ ২,৮১,৭০১ জন
  • উত্তীৰ্ণৰ হাৰঃ ৬৫.৬২%
  • প্ৰথম বিভাগঃ ৮৫,১৮৯ জন
  • ষ্টাৰ নম্বৰঃ ১৩,৬৮১ জন
  • ডিষ্টিংচনঃ ৩,৯৮৩ জন

সমগ্ৰ সামাচাৰ সেৱা
অসম, ১০ এপ্ৰিল: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বাৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ২০২৬ৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এইবাৰৰ পৰীক্ষাত মুঠ ৪,২৯,২৪৯ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি তাৰ ভিতৰত ২,৮১,৭০১ জন শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৬৫.৬২ শতাংশ।

লিংগভিত্তিক ফলাফলত দেখা গৈছে যে পুৰুষ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ৬৭.৭৮ শতাংশ আৰু মহিলা শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৬ শতাংশ।

জিলাভিত্তিক ফলাফলঃ

এইবাৰ উত্তীৰ্ণৰ হাৰত দিমা হাসাও জিলাই ৮৮.২৩ শতাংশৰে শীৰ্ষ স্থান দখল কৰিছে। তাৰ পাছতেই শিৱসাগৰ জিলাই ৮৪.০৮% আৰু ডিব্ৰুগড় জিলাই ৭৮.৪৬% ত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে। আনহাতে কাছাৰ জিলাই ৪৯.১৩ শতাংশৰে সৰ্বনিম্ন স্থানত আছে।

শীৰ্ষ স্থানপ্ৰাপ্ত শিক্ষাৰ্থীঃ

এইবাৰৰ HSLC পৰীক্ষাত বজালী জিলাৰ পাটাছাৰকুছি স্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ জ্যোতিৰ্ময় দাসে প্ৰথম স্থান লাভ কৰে। আন শীৰ্ষ স্থানপ্ৰাপ্তসকল হৈছে—বিশ্বনাথৰ আকাংক্ষা ভূঞা, ডিব্ৰুগড়ৰ জিয়া ফাৰাহ ইছলাম আৰু নলবাৰীৰ সুৰজিত আখতাৰ।
এই ফলাফলৰ জৰিয়তে ৰাজ্যজুৰি শিক্ষাৰ্থীসকলৰ মাজত উৎসাহৰ পৰিৱেশ দেখা গৈছে আৰু অভিভাৱক তথা শিক্ষকসকলেও আনন্দ প্ৰকাশ কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *