উৎকণ্ঠাৰ অৱসান! ১০:৩০ বজাত মেট্ৰিকৰ ফলাফল
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী , ১০ এপ্ৰিল:পুৱা ১০:৩০ বজাত মুকলি হ’ব HSLC ফলাফল অসম চৰকাৰৰ শিক্ষা বিভাগে আনুষ্ঠানিকভাৱে জানিবলৈ দিয়া মতে, আজি অর্থাৎ ১০ এপ্রিল, ২০২৬ তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) ফলাফল ঘোষণা কৰা হ’ব। ফলাফল পুৱা ১০.৩০ বজাত মুকলি কৰিব।
ফলাফল মুকলি হোৱাৰ লগে লগে ছাত্র-ছাত্রীসকলে অসম মাধ্যমিক শিক্ষা পৰিষদৰ (SEBA) চৰকাৰী ৱেবছাইট resultsassam.nic.in গৈ নিজৰ ফলাফল চাব পাৰিব।
মন কৰিবলগীয়া যে, ২০২৫-২৬ শিক্ষাবর্ষৰ এই মেট্রিক পৰীক্ষা যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ২৭ ফেব্ৰুৱাৰীত সমাপ্ত হৈছিল। এইবাৰ ৰাজ্যজুৰি মুঠ ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষার্থীয়ে এই গুৰুত্বপূর্ণ পৰীক্ষাত অবতীর্ণ হৈছিল।
অসম HSLC দশম শ্ৰেণীৰ ফলাফল ডাউনলোড কৰাৰ লিংক:
resultsassam.nic.in
https://sebaonline.org
www.iresults.net
www.indiaresults.com
https://results.digilocker.gov.in
www.results.shiksha
www.fastresults.in
https://www.ndtv.com
www.assam.shiksha
www.schools9.com
www.assamresult.in
