ভোটাৰ তালিকা :এটা ঘৰতে ১৬ জন ভোটাৰ নাম?
- নতুন গুৱাহাটীৰ ৱাৰ্ড নং–৩৭ৰ এটা ঘৰ কেন্দ্ৰ কৰি বিতৰ্ক
- বাস্তৱতে ৪ জনহে যোগ্য ভোটাৰ, তালিকাত ১৬ জনৰ নাম
- স্থানীয় বাসিন্দা নীলাক্ষী শৰ্মাৰ ভিডিঅ’ প্ৰমাণ প্ৰকাশ
- ভোটাৰ তালিকা শুদ্ধিকৰণ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন
সমগ্ৰ সামাচাৰ সেৱা
গুৱাহাটী, ৯ এপ্ৰিল: নতুন গুৱাহাটীৰ ৱাৰ্ড নং–৩৭ৰ হাউচ নং–৩৩ত ভোটাৰ তালিকাক লৈ গুৰুত্বপূৰ্ণ অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসাৰে, উক্ত ঘৰটোত মাত্ৰ ৪ জনহে বাস্তৱতে ভোট দিয়াৰ যোগ্য বাসিন্দা থকা সত্ত্বেও ভোটাৰ তালিকাত একে ঠিকনাত ১৬ জনৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। যাৰ বিষয়ে সেই ঘৰৰ বাসিন্দা অৱগত নহয় তথা তেওঁ লোকৰ সেই ব্যক্তিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই।

ভিডিঅ’ প্ৰমাণ প্ৰকাশ
নীলাক্ষী শৰ্মাই এটা ভিডিঅ’ৰ মাধ্যমেৰে প্ৰকাশ কৰি এই বিষয়টো ৰাজহুৱা কৰিছে। ভিডিঅ’টোত তেওঁ ভোটাৰ তালিকাৰ তথ্য দেখুৱাই একে ঠিকনাত অতিৰিক্ত নাম সংযোজনৰ অভিযোগ উত্থাপন কৰে। এই ঘটনাই নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা সন্দৰ্ভত নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে।
শুদ্ধিকৰণ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন
এই অভিযোগ উত্থাপনৰ পিছতে নিৰ্বাচনী আয়োগৰ ভোটাৰ তালিকা শুদ্ধিকৰণ প্ৰক্ৰিয়াৰ কার্যকাৰিতা সন্দৰ্ভত ৰাইজৰ মাজত প্ৰশ্ন উঠিছে। স্থানীয় লোকসকলে এই বিষয়ত যথাযথ তদন্তৰ দাবী জনাইছে।
ৰাইজৰ প্ৰতিক্ৰিয়া
ৰাইজৰ মতে, এনে ঘটনাই গণতান্ত্ৰিক অধিকাৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। সেয়েহে সংশ্লিষ্ট কৰ্তৃপক্ষক বিষয়টো অতি গুৰুত্বসহকাৰে তদন্ত কৰি সত্যতা উন্মোচনৰ দাবী উত্থাপন কৰিছে। ঘটনাটোৱে এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে।
