অসম জাতীয় বিদ্যালয়ৰ ৭ শিক্ষাৰ্থীৰ চি.চি.আৰ.টি বৃত্তি লাভ
- অসম জাতীয় বিদ্যালয়ৰ ৭ গৰাকী শিক্ষাৰ্থীৰ চি.চি.আৰ.টি বৃত্তি লাভ
- ৬টা ভিন্ন কলা শাখাত এই সফলতা
- সত্ৰীয়া নৃত্যত সৰ্বাধিক ৩ গৰাকী শিক্ষাৰ্থী নিৰ্বাচিত
- বিদ্যালয় আৰু অভিভাৱকৰ মাজত আনন্দৰ পৰিৱেশ
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত বিভিন্ন কলা শাখাত উজ্বল সফলতা
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২৯ এপ্ৰিল: ভাৰত চৰকাৰৰ Ministry of Cultureৰ অধীনস্থ Centre for Cultural Resources and Training (চি.চি.আৰ.টি) বৃত্তি ২০২৫-২৬ বৰ্ষৰ বাবে অসম জাতীয় বিদ্যালয়ৰ সাতগৰাকী শিক্ষাৰ্থী নিৰ্বাচিত হৈছে। ভাৰতীয় শাস্ত্ৰীয় আৰু পৰম্পৰাগত কলাৰ ক্ষেত্ৰত প্ৰতিভা প্ৰদৰ্শন কৰা কিশোৰ-যুৱ শিক্ষাৰ্থীসকলক এই বৃত্তি প্ৰদান কৰা হয়।
এইবাৰ বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ৬টা পৃথক শাখাত কৃতিত্ব অৰ্জন কৰিছে। সত্ৰীয়া নৃত্য শাখাত অষ্টম শ্ৰেণীৰ এমিলী বৰগোহাঞি, নৱম শ্ৰেণীৰ ধানিসা বৰ্মন আৰু দশম শ্ৰেণীৰ গাৰ্গী তালুকদাৰে বৃত্তি লাভ কৰিছে।
ইয়াৰ লগতে বিহুনাচত তনয়া বৰ্মন, তবলাত মৈত্ৰেয় আহোম, মুকাভিনয়ত ৰাজদীপ গোস্বামী আৰু অসমীয়া ভাষাৰ সৃজনশীল লেখাত অভিৰূপ আকাশ শাণ্ডিল্যই এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
এই সফলতাই বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ পৰিচয় বহন কৰিছে। বিদ্যালয় কৰ্তৃপক্ষই এই কৃতিত্বক লৈ গৌৰৱ প্ৰকাশ কৰাৰ লগতে সকলো শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনাইছে।
এই বৃত্তিয়ে শিক্ষাৰ্থীসকলক আগন্তুক দিনত ভাৰতীয় সংস্কৃতিৰ ক্ষেত্ৰত অধিক আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে।
