অৰুণাচলৰ স্থাননাম পৰিৱৰ্তনক লৈ চীনক ভাৰতৰ কঠোৰ প্রত্যাখ্যান
- চীনে অৰুণাচলৰ কিছুমান স্থানৰ নাম পৰিৱৰ্তনৰ চেষ্টা
- ভাৰত চৰকাৰে ইয়াক “অপচেষ্টা” বুলি আখ্যা
- বিদেশ মন্ত্ৰালয়ে ভুৱা দাবী সম্পূর্ণ অগ্রহণযোগ্য বুলি কয়
- এই ঘটনাই ভাৰত-চীন সম্পর্কত নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা
সমগ্ৰ সমাচাৰ সেৱা
অৰুণাচল প্ৰদেশ, ১৩ এপ্ৰিল:চীনৰ নাম পৰিৱৰ্তন প্রচেষ্টা লৈ ভাৰতৰ তীব্ৰ আপত্তি শেহতীয়াকৈ চীনে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ নাম পৰিৱৰ্তন কৰাৰ ঘটনাক ভাৰত চৰকাৰে অপচেষ্টা বুলি অভিহিত কৰি কঠোৰভাৱে প্রত্যাখ্যান কৰিছে। এই সন্দৰ্ভত বিদেশ মন্ত্রালয়ৰ মুখপাত্ৰ ৰণবীৰ জয়সোৱালে কয় যে, ভাৰতৰ ভূখণ্ডত থকা স্থানসমূহক ভুৱা নাম প্ৰদান কৰাৰ যিকোনো প্রচেষ্টা সম্পূর্ণৰূপে অগ্রহণযোগ্য।
সাংবাদিকৰ সৈতে হোৱা বার্তালাপত তেওঁ উল্লেখ কৰে যে ‘চীনৰ এনে ভুৱা দাবী আৰু ভিত্তিহীন বর্ণনাই বাস্তুৱত কেতিয়াও সলনি কৰিব নোৱাৰে। অৰুণাচল প্রদেশসহ এই সকলো অঞ্চল আগতে, এতিয়া আৰু সদায় ভাৰতৰ অবিচ্ছেদ্য অংশ হিচাপে থাকিব।”
জয়সৱালে লগতে উল্লেখ কৰে যে, চীনৰ এই পদক্ষেপে ভাৰত-চীন দ্বিপাক্ষিক সম্পর্ক স্থিৰ আৰু স্বাভাৱিক কৰাৰ বাবে চলি থকা প্রচেষ্টাত বিঘ্ন ঘটায়। “এনে কার্যকলাপে সম্পর্কত নেতিবাচকতা সুমুৱাই আৰু উন্নত বুজাবুজি গঢ়ি তোলাৰ প্ৰচেষ্টাক দুর্বল কৰে। চীনে এইধৰণৰ পদক্ষেপৰ পৰা বিৰত থাকিব লাগে, বুলিও তেওঁ গতে সদৰী কৰে। ভাৰতে পুনৰায় স্পষ্ট কৰি দিয়ে যে, অৰুণাচল প্ৰদেশ দেশৰ অবিচ্ছেদ্য অংশ আৰু ইয়াক লৈ কোনো ধৰণৰ ভুৱা দাবী কেতিয়াও গ্রহণযোগ্য নহয়।
