ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ টিজাৰ মুকলি ছবিখন ৪০০০ কোটি বাজেটৰ
- ‘ৰামায়ণ’ ছবিৰ টিজাৰ মুকলিৰ লগে লগে ভাইৰেল
- উন্নত ভিজুৱেল আৰু VFX-য়ে আকৰ্ষণ কৰিলে দৰ্শক
- বিশাল ৪০০০ কোটি টকাৰ বাজেট
- নিতেশ তিৱাৰীৰ পৰিচালনাত এক অভিলাষী প্রকল্প
সমগ্ৰ সমাচাৰ সেৱা
অসম ,১২ এপ্ৰিল:২ মিনিটৰ অধিক দৈৰ্ঘ্যৰ টিজাৰে সৃষ্টি কৰিলে ব্যাপক উন্মাদনা
মুক্তি পালে ৰণবীৰ কাপুৰৰ বহু প্রত্যাক্ষিত ছবি ‘ৰামায়ণ’ৰ টিজাৰ। ২ মিনিটতকৈ অধিক দৈৰ্ঘ্যৰ টিজাৰটোৱে ইতিমধ্যে অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে।
ইপিনে এই টিজাৰৰ ভিজুৱেল আৰু ভি এফ এক্সে দর্শকক আকর্ষিত কৰিছে। এই টিজাৰ সম্পূৰ্ণ ৰামক কেন্দ্ৰ কৰি মুকলি কৰা হৈছে। যদিও টিজাৰৰ শেষত ৰাৱণৰ আভাস দেখা যায়, তথাপিও তেওঁৰ মুখখন দেখুওৱা হোৱা নাই।
উল্লেখ্য যে, প্রায় ৪০০০ কোটি টকাৰ বিশাল বাজেটত নির্মিত এই ছবিখনক ভাৰতীয় চলচ্চিত্র ইতিহাসৰ আটাইতকৈ ব্যয়বহুল আৰু অভিলাষী প্রকল্প হিচাপে গণ্য কৰা হৈছে।
সামাজিক মাধ্যমত অনুৰাগীসকলে টিজাৰটোক লৈ উচ্চ প্রশংসা কৰিছে আৰু ইয়াক ‘আধুনিক প্রযুক্তিৰে নিৰ্মিত এক দৃশ্যগত বিস্ময়’ বুলি অভিহিত কৰিছে।আনফালে, ছবিখনৰ পৰিচালক নিতেশ তিৱাৰীয়ে টিজাৰ মুকলিৰ পাছতে মন্তব্য প্রকাশ কৰিছে। তেওঁ কৈছে যে- ‘ৰামায়ণৰ মহত্ত্ব ইয়াৰ আৱেগৰ গভীৰতা নিহিত হৈ আছে। ৰামৰ যাত্রা গভীৰভাৱে মানৱীয় আৰু আমি এই কথাটো সততাৰে চিত্রিত কৰিবলৈ চেষ্টা কৰিছোঁ।
