ত্ৰিপুৰা : ৮৩% ভোটদান ,এখন কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ ঘোষণা
- পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ
- এখন ভোটকেন্দ্ৰত ১৬ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ
- কিছুমান ঠাইত সামান্য অপ্ৰীতিকৰ ঘটনা
- আৰক্ষীৰ ব্যৱস্থাত পৰিস্থিতি নিয়ন্ত্ৰণ
সমগ্ৰ সামাচাৰ সেৱা
ত্ৰিপুৰা, ১৩ এপ্ৰিল: ত্ৰিপুৰাত অনুষ্ঠিত হোৱা ত্ৰিপুৰা জনজাতীয় এলেকা স্বায়ত্তশাসিত জিলা পৰিষদ (TTAADC) নিৰ্বাচন ১২ এপ্ৰিলত সন্ধিয়া ৫ বজালৈ শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মুঠ ভোটদানৰ হাৰ প্ৰায় ৮৩ শতাংশলৈ উপনীত হৈছে, যদিও চূড়ান্ত তথ্য প্ৰকাশৰ পাছত এই হাৰ আৰু বৃদ্ধি পাব পাৰে বুলি জানিব পৰা গৈছে।
ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিব অনুৰাগ সেনৰ মতে, অধিকাংশ ভোটকেন্দ্ৰত নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। যদিও কিছুমান এলেকাত সামান্য অভিযোগ আৰু বিশৃঙ্খলাৰ ঘটনা ঘটিছিল, আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়। ভোটগ্ৰহণৰ সময়ত কোনো গুৰুত্বপূৰ্ণ ই.ভি.এম বিকলতাৰ অভিযোগ পোৱা নগ’ল বুলি তেওঁ স্পষ্ট কৰে।
ইফালে চিপাহীজলা জিলাৰ ১৭/৩৯ নং পেকুৰজালা-জনমেজয়নগৰ সমষ্টিৰ এটা ভোটকেন্দ্ৰত বেলট ইউনিটত ছেদখবৰ অভিযোগ উত্থাপন হোৱাৰ পিছত ১৬ এপ্ৰিলত পুনৰ ভোটগ্ৰহণৰ ঘোষণা কৰা হৈছে।
আনহাতে, বক্সানগৰ এলেকাত কিছুমান দুৰ্বৃত্তই সাতটা হাতবোমা নিক্ষেপ কৰাৰ ঘটনাও সংঘটিত হয়। আৰক্ষীয়ে পাঁচ ৰাউণ্ড ফাঁকা গুলী চলাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আন এক ঘটনাত এখন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ বাহন ভঙাৰ লগতে এজন লোক আহত হৈ পিছত মৃত্যু হোৱা বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে।
সামগ্ৰিকভাৱে ৰাজ্যখনত নিৰ্বাচনী পৰিৱেশ শান্তিপূৰ্ণ আছিল বুলি প্ৰশাসনে নিশ্চিত কৰিছে।
