ডিব্ৰুগড় পলিটেকনিকত ষ্ট্ৰং ৰুম পৰিদৰ্শন
- ডিব্ৰুগড় পলিটেকনিকত স্থাপন কৰা ষ্ট্ৰং ৰুম পৰিদৰ্শন
- ৪ মে’ত অনুষ্ঠিত হ’বলগীয়া ভোট গণনাৰ পূৰ্বপ্ৰস্তুতি পৰ্যালোচনা
- নিৰাপত্তা ব্যৱস্থা আৰু নজৰদাৰী ব্যৱস্থা মূল্যায়ন
- সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় দিশ-নির্দেশনা প্ৰদান
৪ মে’ ভোট গণনাৰ পূৰ্বে সুৰক্ষা ব্যৱস্থা শক্তিশালীকৰণত জোৰ
সমগ্ৰ সমাচাৰ সেৱা
ডিব্ৰুগড়, ২৭ এপ্ৰিলঃ অহা ৪ মে’ তাৰিখে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচন, ২০২৬-ৰ ভোট গণনা প্ৰতি লক্ষ্য ৰাখি আজি ডিব্ৰুগড় পলিটেকনিকত স্থাপন কৰা ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে।
পৰিদৰ্শনৰ সময়ত তেওঁ ভোটদান সম্পন্ন হোৱাৰ পাছত সংৰক্ষিত ইভিএম আৰু ভিভিপেট মেচিনসমূহৰ সুৰক্ষা ব্যৱস্থা সূক্ষ্মভাৱে পৰ্যালোচনা কৰে। লগতে ষ্ট্ৰং ৰুমৰ ভিতৰত আৰু বাহিৰত স্থাপন কৰা চিচিটিভি নজৰদাৰী ব্যৱস্থা, আৰক্ষী মোতায়েন আৰু প্ৰৱেশ-নিষ্ক্ৰমণ নিয়ন্ত্ৰণ ব্যৱস্থাসমূহো তেওঁ পৰীক্ষা কৰে।
মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে সংশ্লিষ্ট জিলা প্ৰশাসন আৰু নিৰ্বাচনী বিষয়াসকলৰ সৈতে আলোচনা কৰি ভোট গণনাৰ দিনটোত কোনো ধৰণৰ ত্ৰুটি নোহোৱা নিশ্চিত কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ উল্লেখ কৰে যে, স্বচ্ছ, নিৰপেক্ষ আৰু নিৰাপদ গণনা প্ৰক্ৰিয়া নিশ্চিত কৰাটো নিৰ্বাচন আয়োগৰ মুখ্য লক্ষ্য।
ইয়াৰ উপৰিও, তেওঁ সুৰক্ষা ব্যৱস্থাত জড়িত আৰক্ষী আৰু আধাসামৰিক বাহিনীক সজাগ আৰু দায়িত্বশীল হৈ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে, ৰাজ্যজুৰি স্থাপন কৰা সকলো ষ্ট্ৰং ৰুমত একেধৰণৰ কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাতে ভোট গণনা প্ৰক্ৰিয়া নিৰ্বিঘ্নে সম্পন্ন হয়।
