April 21, 2026

Global Assam News

Global and Local Assam News Website

ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনালে দীলিপ শইকীয়া

ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনালে দীলিপ শইকীয়া
  • ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা
  • জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলোকে একতাৰ বাৰ্তা
  • সমাজত শান্তি, সমৃদ্ধি আৰু উন্নয়নৰ কামনা
  • অসমৰ সাংস্কৃতিক ঐক্য অধিক শক্তিশালী হোৱাৰ আশা

সমগ্ৰ সামাচাৰ সেৱা
গুৱাহাটী, ১৪এপ্ৰিল: ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দীলিপ শইকীয়াই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। গুৱাহাটীত থকা দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক সংবাদ বিজ্ঞপ্তিত তেওঁ এই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে।

তেওঁ কয় যে চ’ত মাহৰ অন্তত ব’হাগৰ আগমনে অসমৰ জনজীৱনত নতুন আশাৰ সঁচা আৰম্ভণি ঘটায়। ৰঙালী বিহু কেৱল ঋতু পৰিৱৰ্তনৰ উৎসৱ নহয়, ই অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয়, ঐতিহ্য আৰু সামূহিক একতাৰ জীৱন্ত প্ৰতীক।

সভাপতিগৰাকীয়ে উল্লেখ কৰে যে এই পৱিত্ৰ উৎসৱে সমাজত একতা আৰু সৌহাৰ্দৰ বন্ধন অধিক দৃঢ় কৰিব আৰু ৰাজ্যখনত সুখ-শান্তি, সমৃদ্ধি আৰু উন্নয়নৰ নতুন দিশ মুকলি কৰিব। তেওঁ পাহাৰীয়া আৰু সমতল অঞ্চলকে ধৰি অসমৰ সকলো জাতি-জনজাতি, ধৰ্ম আৰু ভাষাৰ লোকসকলক একেলগে এই উৎসৱ উদযাপনৰ আহ্বান জনায়।
ইয়াৰ উপৰিও তেওঁ ৰাজ্যবাসীৰ সুস্বাস্থ্য, সুখ-সমৃদ্ধি আৰু সামূহিক কল্যাণ কামনা কৰি আগন্তুক দিনসমূহ শান্তি, সম্প্ৰীতি আৰু অবিৰত উন্নয়নেৰে ভৰপূৰ হওক বুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *