ভোটাৰ তালিকা সংশোধনৰ তৃতীয় পৰ্যায় ঘোষণা নিৰ্বাচন আয়োগৰ
- SIR Phase-III আৰম্ভ কৰাৰ ঘোষণা নিৰ্বাচন আয়োগৰ
- ১৬খন ৰাজ্য আৰু ৩টা কেন্দ্ৰশাসিত অঞ্চল অন্তর্ভুক্ত
- ভোটাৰ তালিকা অধিক শুদ্ধ আৰু আপডেট কৰাৰ লক্ষ্য
- জনগণনাৰ ঘৰুৱা তালিকাকৰণ প্ৰক্ৰিয়াৰ সৈতে সময়সূচী সমন্বয়
- উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যো অন্তর্ভুক্ত
১৬খন ৰাজ্য আৰু ৩টা কেন্দ্ৰশাসিত অঞ্চলত চলিব বিশেষ নিবিড় পুনৰীক্ষণ অভিযান
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৪ মে’: নিৰ্বাচন আয়োগে বিশেষ নিবিড় পুনৰীক্ষণ অভিযান (Special Intensive Revision বা SIR)ৰ তৃতীয় পৰ্যায় ঘোষণা কৰিছে। এই অভিযান ধাপে ধাপে ১৬খন ৰাজ্য আৰু ৩টা কেন্দ্ৰশাসিত অঞ্চলত সম্পন্ন কৰা হ’ব।
এই পৰ্যায়ত অন্তর্ভুক্ত ৰাজ্যসমূহ হৈছে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, ঝাৰখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাৱ, ছিক্কিম, ত্ৰিপুৰা, তেলেংগানা, ওড়িশা আৰু উত্তৰাখণ্ড।
ইয়াৰ উপৰিও দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল,চণ্ডীগড় আৰু দাদৰা আৰু নগৰ হাৱেলী আৰু দমন আৰু দিউ কেন্দ্ৰশাসিত অঞ্চলসমূহো এই অভিযানৰ অন্তর্ভুক্ত কৰা হৈছে।
নিৰ্বাচন আয়োগে জনোৱা মতে, এই বিশেষ পুনৰীক্ষণ অভিযানৰ সময়সূচী চলি থকা জনগণনাৰ ঘৰুৱা তালিকাকৰণ প্ৰক্ৰিয়াৰ সৈতে মিল ৰাখি প্ৰস্তুত কৰা হৈছে। লক্ষ্য হৈছে ভোটাৰ তালিকাক অধিক শুদ্ধ, স্বচ্ছ আৰু হালনাগাদ ৰূপত তৈয়াৰ কৰা।
