মিউনিখ ISSF বিশ্বকাপত ভাৰতৰ গৌৰৱ: ইশা সিংৰ স্বৰ্ণজয়, বিশ্ব ৰেকৰ্ড গঢ়ি ইতিহাস
- ভাৰতীয় শ্বুটাৰ ইশা সিং ISSF বিশ্বকাপত স্বৰ্ণ পদক জয় কৰে
- মহিলাৰ ২৫ মিটাৰ পিষ্টল ফাইনেলত ৪৩ পইণ্ট লাভ কৰি গঢ়ে বিশ্ব আৰু জুনিয়ৰ বিশ্ব ৰেকৰ্ড
- জাৰ্মানীৰ ড’ৰিন ভেনেকাম্পই ৰূপ আৰু বুলগেৰিয়াৰ মিৰ’শ্লাভা মিনচেভাই ব্ৰঞ্জ লাভ কৰে
- অলিম্পিক চেম্পিয়ন য়াং জি-ইন ফাইনেলত পঞ্চম স্থানত থাকে
ইশা সিংৰ ঐতিহাসিক প্ৰদৰ্শন
সমগ্ৰ সমাচাৰ সেৱা
জাৰ্মানী, ২৮ মে’: জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত ISSF World Cup-ত ভাৰতীয় শ্বুটাৰ ইশা সিং এক ঐতিহাসিক সফলতা অৰ্জন কৰিছে। মহিলাৰ ২৫ মিটাৰ পিষ্টল ফাইনেলত অসাধাৰণ প্ৰদৰ্শন দাঙি ধৰি তেওঁ ৪৩ পইণ্ট সংগ্ৰহ কৰি নতুন বিশ্ব ৰেকৰ্ড আৰু জুনিয়ৰ বিশ্ব ৰেকৰ্ড স্থাপন কৰে।
ফাইনেলত ইশাই একাধিক নিখুঁত ছিৰিজ মাৰি সম্পূৰ্ণ প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰে। তেওঁ দ্বিতীয় স্থানাধিকারী জাৰ্মানীৰ ড’ৰিন ভেনেকাম্পৰ তুলনাত পাঁচ পইণ্ট অধিক লাভ কৰি স্বৰ্ণ পদক নিশ্চিত কৰে।
এই জয়ৰ জৰিয়তে পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতীয় শ্বুটিঙৰ শক্তি প্ৰতিফলিত হৈছে। বুলগেৰিয়াৰ মিৰ’শ্লাভা মিনচেভাএ ব্ৰঞ্জ পদক লাভ কৰাৰ বিপৰীতে দক্ষিণ কোৰিয়াৰ অলিম্পিক চেম্পিয়ন য়াং জি-ইন পঞ্চম স্থানত সীমাবদ্ধ থাকে।
ইশা সিংৰ এই কৃতিত্বক লৈ দেশজুৰি আনন্দৰ জোৱাৰ সৃষ্টি হৈছে আৰু ক্ৰীড়াপ্ৰেমীয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে।
