সত্তাৰ আদৰ্শবাদী পুৰুষ-আৰএছএছৰ জ্যেষ্ঠ স্বয়ংসেৱক হিতেশ চন্দ্ৰ তালুকদাৰ*
নয়নজ্যোতি তালুকদাৰ
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৮ মে’: ৰবিবাৰৰ এটা দিন,আন ৰবিবাৰৰ দৰেই সেইদিনাও ৰবিবাৰ। ঠিক অইন দিনাৰ দৰে দৈনন্দিন দেউতা সোনকালেই শুই উঠি গা-পা ধুই সময় অনুসৰি মায়ে বনাই দিয়া ভাত খাইছে। পিছত অলপ চকীত বহি টিভি চাই আছিল আৰু ৰবিবাৰ বুলি ঘৰৰ বজাৰ কৰিবলৈ সাপ্তাহিক হাটলৈ বুলি যোৱাৰ পণ কিন্তু দাদাই যাবলৈ মানা কৰিছিল যদিও দেউতাই এপাক যাম বুলি কোৱাত একেলগে স্কুটীত বহি দাদাৰ সৈতে বজাৰ গ’ল। অন্যহাতে মা আকৌ ৰঙিয়াৰ বিষ্ণু মন্দিৰৰ প্ৰসংগ এভাগ থকাত তাত গ’ল। হঠাৎ দাদাৰ ফোন ঘৰত থকা ভন্টীলৈ যে দেউতাক হস্পিটেলত আনিছো, সোনকালেই আহ। ভন্টীয়ে ততালিকে ফোন কৰিলে তিনিআলিত আই মাতৃসকলৰ সৈতে প্ৰসংগ কৰি থকা মা-লৈ যে দেউতা কিবা হৈছে,দাদাই হস্পিটেলত ভৰ্তি কৰাইছে, মা একেবাৰেই প্ৰসংগ এৰি আধাতে দৌৰা দৌৰি কৰি ই-ৰিক্সাত উঠি হস্পিটেল পালে। তাৰ সমান্তৰালকৈ ভন্টীও নিজৰ স্কুটিৰে তাৰ আগতেই ওলাল মূৰাৰাস্থিত স্বস্তি হস্পিটেল। দেখিবলৈ পালে ইমাৰজেন্সিত দাদা দেউতাৰ বিচনাৰ কাষতেই ৰৈ আছে, একো মেচিন কাম দিয়া নাই। মাথোঁ নীৰৱ নিতালে চিৰদিনলৈ শুই গ’ল ২০২৫ চনৰ ১ জুন, শুক্ল পক্ষৰ ষষ্ঠী তিথিত।
হতবাক কেৱল হতবাক, মুখৰ মাত কাৰো নাই। সোমবাৰে শিৱ মন্দিৰত নৈবদ্য আগবঢ়াবৰ বাবে অলপ উপকৰণ বজাৰত লৈছিল আৰু সৰুৰেপৰাই নিৰামিষাহাৰী দেউতাই বজাৰত ভাল কল (গেছ নিদিয়া) পালে খাই আৰু ঘৰলৈকো আনে। তেনে একাশী গেছ নিদিয়া কল কিনি তাৰে এটা খাই চাইছিল আৰু সেই কলটোৱে চিকিৎসকে জনোৱা অনুসৰি ডিঙিত গাঠি লাগি শ্বাস-প্ৰশ্বাস কম পোৱাত খুব কম সময়ৰ ভিতৰতেই দেউতাই শেষ নিশ্বাস ত্যাগ কৰিছিল
বজাৰতে। যদিও দাদাই লগে লগেই দেখি বহু চেষ্টা কৰি স্কুটী বজাৰ এৰি তৎক্ষণাৎ ই-ৰিক্সাৰে স্বস্তি হস্পিটেলত ভৰ্তি কৰোৱাছিল। কিন্তু ইতিমধ্যে দেউতা আৰু নাই..?
এই সময়খিনিতেই আজিৰ পৰা এবছৰত বেয়া খবৰটো পাইছিলোঁ। মই দুদিন গুৱাহাটীত আছিলোঁ মাত্ৰ সেইদিনা ঘৰলৈ আহি থাকোঁতে ৰাস্তাত গাড়ীতে দাদাই ফোনযোগে জনাইছিল,- আহি পোৱা নাই,
“দেউতা আৰু নাই “।
অনবৰতে দেউতাৰ যতন লোৱা শেষ সময়ক্ষণ মই নাপালোঁ। ৰঙিয়া পাইছিলোহি মাত্ৰ তেনেতে খবৰটো পাই শিলপৰা কপৌৰ দৰে কি কৰো কি নকৰোঁ হৈ পৰিছিল,চকুৰে যেন অন্ধকাৰ দেখিছিলো মাত্ৰ। দাদাই কোৱা ধৰণে দেউতাক ভৰ্তি কৰোৱা স্বস্তি হস্পিটেলত দৌৰি দৌৰি গৈ দেখিলোঁ মা-ভনী আৰু দাদাৰ কাষত নীৰৱে চিৰজীৱনলৈ শুইছে দেউতা।
মনটোৱে যেন মনাই নাছিল এনেকৈ কিয় শুইছে দেউতা,সাৰ পাব আৰু.. কিন্তু নিয়তি,শেষত শুভাকাংশী বন্ধু ভাই কেইগৰাকীমান আহি হস্পিটেলৰ এম্বুলেন্সত শুৱাই ঘৰলৈ লৈ আনো, দেউতাক সকলোৱে বিদায় জনাবলৈ। অন্তিম শয়নত নিজৰ ঘৰৰ চোতালত নিজে কৰি থৈ যোৱা সম্পত্তিৰ সোঁমাজত ওচৰ-চুবুৰীয়াসকল তথা গুণমুগ্ধ আহি বগা ধূতি,ঢাৰি-বাহঁ ইত্যাদি ইত্যাদি ব্যৱস্থা কৰিছিল,একো যেন কব পৰা নাছিলোঁ কি হৈ আছে এইবোৰ, শেষত চোতালত ভিৰ সমাগমৰ মাজেৰে
শান্তিপুৰ মুক্তি ধামলৈ পৌৰসভাৰ সু-সজ্জিতবাহনেৰে নশ্বৰ দেহ লৈ সম্পূৰ্ণ নিয়ম-নীতিৰ মাজেৰে আবেলি নিজ হাতেৰে দেউতাক মুখাগ্নি কৰিলোঁ।
সেই নিমিষতে চকুৰ পথাৰতে একুৰা জুইৰ মাজতেই হেৰাল দেউতাৰ কায়িক শৰীৰ ৷ চিৰদিনলৈ নোহোৱা হ’ল জীৱনৰ এক অমূল্য অধ্যায়। তেতিয়াৰপৰা আজিলৈ এবছৰ হ’ল।
দুখৰ সময়খিনিত বহু শুভাকাংক্ষীয়ে ঘৰলৈ খবৰ লৈছে।
আমাৰ পৰিয়ালৰ দুখৰ সময়ত শোক বাৰ্তাযোগে প্ৰেৰণ কৰি সহমৰ্মিতা প্ৰকাশ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপৰিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাদেৱ,প্ৰান্ত কাৰ্যবাহ খগেন শইকীয়াদেৱক
আমাৰ সমগ্ৰ ঘৰ পৰিয়ালৰ তৰফৰ পৰা মই বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷
দেউতাৰ কায়িক মৃত্যুৰ তিনিদিনৰ দিনা সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াদেৱ আহি উপস্থিত হৈছিল। তাৰপিছত স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি যুৱনেতা ৰাতুল শৰ্মা,ধৈৰ্য কোঁৱৰৰ উপৰিও ৰঙিয়া পৌৰ সভা, ৰঙিয়া আলোচনী সভা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ শাখা, ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনী, ইতিহাস সংকলন সমিতিকে আদি কৰি বিভিন্ন সামাজিক সাংস্কৃতিক আধ্যাত্মিকৰ লগতে ৰাজনৈতিক দল-সংগঠনৰ বিষয় ববীয়া
আজিৰ দিনটোলৈকে ৰঙিয়াৰ আমাৰ ঘৰৰ চোতাললৈ শুভাকাংক্ষী আৰু দেউতাৰ গুণমুগ্ধসকল ব্যক্তিগতভাৱে উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰিছে। তদুপৰি ৰাজ্যৰ বহুকেইজন বিশিষ্ট সাহিত্যিক তথা সাংবাদিক চাৰসকল আৰু স্থানীয় সাংবাদিক দাদাসকলে মৃত্যুৰ দুখৰ সংবাদ পৰিবেশন কৰি ৰাইজক জনোৱাৰ উপৰিও
ৰঙিয়াৰ মূৰাৰা গাঁৱত আহি বিভিন্ন ক্ষেত্ৰৰ পৰা বাটকুৰি বাই আহি আমাৰ দুখৰ সময়ত সান্ত্বনাৰ মাত এষাৰ দিয়া প্ৰতিজন ব্যক্তিৰ ওচৰত আমাৰ পৰিয়াল চিৰকৃতজ্ঞ। ফোন জৰিয়তে আমাৰ খবৰ লোৱা প্ৰতিজন ব্যক্তিৰ ওচৰতো আমাৰ অন্তৰৰ কৃতজ্ঞতা থাকিল। এই কঠিন সময়ত আপোনালোকৰ মৰম, সহমৰ্মিতা আৰু আশীৰ্বাদে আমাক অত্যন্ত সাহস দিছে।
আপোনালোকৰ পদধূলাৰে আমাৰ ঘৰৰ চোতাল আশীষধন্য হ’ল। আমি চিৰদিন কৃতজ্ঞ হৈ ৰ’ম।
