Global Assam News

Global and Local Assam News Website

গুৱাহাটীৰ যুৱতী ভাবনা শৰ্মা কাণ্ড: অপহৰণ নহয়, শ্বিলঙত উদ্ধাৰ!

  • গুৱাহাটীৰ পৰা সন্ধানহীন ভাবনা শৰ্মা শ্বিলঙত উদ্ধাৰ
  • অপহৰণ নহয় বুলি নিশ্চিত কৰিলে আৰক্ষীয়ে
  • উবেৰ নহয়, ৰেপিড’ত যাত্ৰা কৰিছিল যুৱতীগৰাকীয়ে
  • এটিএমৰ পৰা ৭ হাজাৰ টকা উলিয়াই ফোন অফ
  • জালুকবাৰী পইণ্টত নামিছিল লোকেশ্যন সলনি কৰি

লোকেশ্যন সলনি কৰি ৰেপিড’ত যাত্ৰা; এটিএমৰ পৰা টকা উলিয়াই ফোন অফ—ৰহস্য বৃদ্ধি

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২৫ এপ্ৰিল: গুৱাহাটীৰ তেতেলীয়াৰ বাসিন্দা ২৭ বছৰীয়া যুৱতী ভাবনা শৰ্মা সন্ধানহীন হোৱা ঘটনাই বৃহৎ চাঞ্চল্য সৃষ্টি কৰিছিল। কিন্তু শনিবাৰে পুৱা শ্বিলঙত তেওঁক উদ্ধাৰ কৰা হৈছে। প’ল’ গ্ৰাউণ্ডৰ সমীপত এখন বেংকৰ ওচৰত কান্দি থকা অৱস্থাত এগৰাকী মহিলাই তেওঁক দেখা পায়।

যুৱতীগৰাকীয়ে প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়লৈ যোৱাৰ লোকেশ্যন দিছিল যদিও, পাছত জালুকবাৰী পইণ্টত নামিছিল। ৰেপিড’ চালক ছাদ্দাম হুছেইনৰ মতে, যাত্ৰাৰ সময়ত তেওঁ ঘনাই ফোনত কাৰোবাৰ সৈতে কথা পাতি আছিল আৰু তেওঁৰ লগত এটা বেগো আছিল।

আৰক্ষীৰ তথ্য অনুসৰি, ভাবনাই এটিএমৰ পৰা ৭ হাজাৰ টকা উলিয়াইছিল আৰু তাৰ পিছতেই ফোন অফ কৰিছিল। ইয়াৰ উপৰিও, তেওঁ দুটা উবেৰ গাড়ী বুক কৰি দুয়োটাই বাতিল কৰিছিল—এটা আদাবাৰী আৰু আনটো বৰঝাৰ অভিমুখে

DCP (West) বলীন দেউৰীয়ে জনায় যে, এইটো অপহৰণৰ ঘটনা নহয়। তেওঁ কয়, “ঘটনাটোত বহু অসামঞ্জস্য আছে। অনুসন্ধান অব্যাহত আছে, সকলো সত্য শীঘ্ৰেই পোহৰলৈ আহিব।

বৰঝাৰস্থিত ‘Miles Bronson Residential School’ কৰ্তৃপক্ষই স্পষ্ট কৰে যে ভাবনা শৰ্মাই ২৮ মাৰ্চতেই চাকৰি এৰি দিছিল আৰু এই ঘটনাৰ সৈতে বিদ্যালয়খনৰ কোনো সম্পৰ্ক নাই।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *