দেশজুৰি ৱাটাৰ মেট্ৰ’ প্রকল্পঃ প্ৰথম পৰ্যায়তেই গুৱাহাটীক অগ্ৰাধিকাৰ
Oplus_131072
- দেশব্যাপী “ন্যাশনেল ৱাটাৰ মেট্ৰ’ পলিচি”ৰ খচৰা কেন্দ্ৰই আন্তঃমন্ত্ৰালয় পৰামৰ্শৰ বাবে প্ৰেৰণ
- প্ৰথম পৰ্যায়ত গুৱাহাটীত ৱাটাৰ মেট্ৰ’ আৰম্ভ কৰাৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজতো আৰম্ভ হ’ব ৱাটাৰ মেট্ৰ’ সেৱা
- দ্বিতীয় পৰ্যায়ত অসমৰ তেজপুৰ আৰু ডিব্ৰুগড়ক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা
- নদীপথ পৰিবহণ আধুনিকীকৰণৰ লক্ষ্যৰে দেশজুৰি বৃহৎ পদক্ষেপ
গুৱাহাটীত নতুন যুগৰ জল পৰিবহণ
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৯ মে’: দেশজুৰি জল পৰিবহণ ব্যৱস্থাক আধুনিক ৰূপ দিবলৈ কেন্দ্ৰ চৰকাৰে “ন্যাশনেল ৱাটাৰ মেট্ৰ’ পলিচি”ৰ খচৰা আন্তঃমন্ত্ৰালয় পৰামৰ্শৰ বাবে প্ৰেৰণ কৰিছে। এই বৃহৎ পৰিকল্পনাৰ প্ৰথম পৰ্যায়তেই গুৱাহাটীক অন্তৰ্ভুক্ত কৰা হৈছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালয়ে প্ৰকাশ কৰে।
প্ৰথম পৰ্যায়ত গুৱাহাটীৰ লগতে শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজত ৱাটাৰ মেট্ৰ’ আৰম্ভ কৰাৰ লক্ষ্য ধৰা হৈছে।
অসমৰ বাবে আন এক সুখবৰ হিচাপে দ্বিতীয় পৰ্যায়ত তেজপুৰ আৰু ডিব্ৰুগড়তো ৱাটাৰ মেট্ৰ’ প্রকল্প সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি উন্নত জল পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ মতে, এই প্রকল্প বাস্তৱায়িত হ’লে যানজঁট হ্ৰাস, পৰিবহণ সুবিধা বৃদ্ধি আৰু পৰ্যটন খণ্ডত নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব।
