April 18, 2026

Global Assam News

Global and Local Assam News Website

ড° হিমন্ত বিশ্ব শৰ্মা : জনগণনাৰ পাছত অসম পশ্চিমবংগত জনসংখ্যাৰ গঠন সলনি

ড° হিমন্ত বিশ্ব শৰ্মা : জনগণনাৰ পাছত অসম পশ্চিমবংগত জনসংখ্যাৰ গঠন সলনি
  • জনগণনাৰ পাছত অসমৰ মুছলমান জনসংখ্যা ৩৬%লৈ বৃদ্ধি হ’ব পাৰে বুলি মন্তব্য
  • পশ্চিমবংগত এই অনুপাত ৩২%লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা উল্লেখ
  • বাংলাদেশী অনুপ্ৰৱেশ ৰোধত ৰাজ্যসমূহৰ যৌথ টাস্ক ফ’ৰ্চৰ আহ্বান
  • সীমান্ত ৰাজ্যসমূহে একেলগে কাম নকৰিলে দেশৰ বাবে বিপদজনক পৰিস্থিতি হ’ব পাৰে বুলি সতর্কবাণী
  • বাংলাদেশী অনুপ্ৰৱেশ ৰোধ কৰিবলৈ অসমৰ সৈতে ত্ৰিপুৰা, পশ্চিমবংগ আৰু মেঘালয়ক একেলগে কাম কৰাৰ আহ্বান

সমগ্ৰ সামাচাৰ সেৱা
পশ্চিমবংগ, ১৮ এপ্ৰিল: পশ্চিমবংগত অনুষ্ঠিত এখন কাৰ্যসূচীত বক্তব্য প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ে কয় যে আগন্তুক জনগণনাৰ পাছত অসমৰ লগতে পশ্চিমবংগত জনসংখ্যাৰ গঠন পুনৰ সলনি হ’ব পাৰে।
তেওঁৰ মতে, প্ৰতি জনগণনাতে প্ৰায় ৪–৫ শতাংশকৈ মুছলমান জনসংখ্যাৰ বৃদ্ধি দেখা গৈছে। এই ধাৰা অব্যাহত থাকিলে অসমৰ মুছলমান জনসংখ্যা ৩৬

শতাংশ আৰু পশ্চিমবংগত ৩২ শতাংশলৈ বৃদ্ধি পাব পাৰে বুলি তেওঁ মন্তব্য কৰে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ অসম, ত্ৰিপুৰা, পশ্চিমবংগ আৰু মেঘালয় ৰাজ্যসমূহে একেলগে মিলি এখন যৌথ টাস্ক ফ’ৰ্চ গঠন কৰা প্ৰয়োজন বুলি উল্লেখ কৰে।

তেওঁ পশ্চিমবংগবাসীক উদ্দেশ্য কৰি কয় যে সীমান্ত অঞ্চলৰ সুৰক্ষা আৰু দেশৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ সমন্বয় অতি গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত একত্ৰিত পদক্ষেপ গ্ৰহণ নকৰিলে পৰিস্থিতি জটিল হোৱাৰ আশংকা আছে বুলিও তেওঁ সতর্ক কৰে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *