TCSৰ স্পষ্টীকৰণ: অভিযোগৰ তদন্তত স্বতন্ত্ৰ পৰ্যবেক্ষণ ব্যৱস্থা
- টাটা কন্সাল্টেন্সি চাৰ্ভিচেছয়ে নাশিক ইউনিটৰ অভিযোগ তদন্তৰ বাবে স্বতন্ত্ৰ দল নিযুক্তি কৰিলে
- ডেলইট আৰু ট্ৰাইলিগেলক তদন্তত অন্তৰ্ভুক্ত কৰা হৈছে
- আৰতি সুব্ৰমনিয়াম নেতৃত্বত চলিছে আভ্যন্তৰীণ তদন্ত
- কেকি মিস্ত্ৰীৰ সভাপতিত্বত গঠন কৰা হৈছে নিৰীক্ষণ সমিতি
- নাশিক ইউনিট বন্ধ হোৱা বুলি প্ৰকাশিত খবৰ সম্পূৰ্ণ ভুল বুলি দাবী
যৌন উৎপীড়ন প্ৰতিৰোধ আৰু নীতিশাস্ত্ৰ চেনেলত অভিযোগ নোপোৱাৰ দাবী TCSৰ
সমগ্ৰ সামাচাৰ সেৱা
নাশিক, ১৮ এপ্ৰিল: নাশিকস্থিত TCS ইউনিটক কেন্দ্ৰ কৰি উত্থাপিত বিতৰ্কৰ মাজতে কোম্পানীটোৱে এক বিস্তৃত আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। কোম্পানীটোৱে জনোৱা মতে, বিশ্বখ্যাত পেছাদাৰী পৰামৰ্শ সংস্থা Deloitte আৰু আগশাৰীৰ আইন সংস্থা ট্ৰাইলিগেলক স্বতন্ত্ৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া হৈছে।
এই তদন্ত TCSৰ সভাপতি আৰু COO আৰতি সুব্ৰমনিয়ামৰ নেতৃত্বত আগবঢ়োৱা হৈছে। তদন্তৰ ফলাফল নিৰীক্ষণ সমিতিৰ আগত দাখিল কৰা হ’ব, যাৰ সভাপতিত্ব কৰিছে স্বাধীন পৰিচালক কেকি মিস্ত্ৰীয়ে।
নিডা খান সন্দৰ্ভত TCSৰ স্পষ্ট বক্তব্য
প্ৰেছত HR মেনেজাৰ হিচাপে উল্লেখ কৰা নীডা খান সন্দৰ্ভত TCSয়ে স্পষ্টকৈ জনাইছে যে তেওঁ HR মেনেজাৰ নহয় আৰু নিয়োগ প্ৰক্ৰিয়াৰ সৈতে কোনো নেতৃত্বমূলক দায়িত্বতো জড়িত নাছিল। তেওঁ কেৱল process associate হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বুলি কোম্পানীটোৱে কয়।
ইউনিট বন্ধ হোৱা খবৰ অস্বীকাৰ
TCSয়ে স্পষ্টকৈ জনাইছে যে নাশিক ইউনিট সম্পূৰ্ণৰূপে কাৰ্যক্ষম আছে আৰু গ্ৰাহকসকলক স্বাভাৱিকভাৱে সেৱা আগবঢ়াই আছে। একে সময়তে, যৌন উৎপীড়ন প্ৰতিৰোধ আৰু নীতিশাস্ত্ৰ চেনেলত অভিযোগ উত্থাপিত হোৱা বুলি যি দাবী কৰা হৈছে, সেই সন্দৰ্ভতো এতিয়ালৈ কোনো আনুষ্ঠানিক অভিযোগ নোপোৱাৰ কথা কোম্পানীটোৱে প্ৰকাশ কৰিছে।
