দেশজুৰি বিধানসভা নিৰ্বাচনৰ গণনা আৰম্ভ
- পুডুচেৰীত BJP+ আগত (৭ আসন)
- কেৰালাত UDF আগবাঢ়িছে (৮০ আসন)
- তামিলনাডুত TVK আগত (৯২ আসন)
- পশ্চিমবংগত BJP আগত (১৪৯ আসন)
পুডুচেৰী, কেৰালা, তামিলনাডু আৰু পশ্চিমবংগত প্ৰথম ৰাউণ্ডৰ ধাৰা প্ৰকাশ; একাধিক দলৰ মাজত কঠোৰ প্ৰতিযোগিতা
সমগ্ৰ সমাচাৰ সেৱা
অসম, ৪ মে’: দেশৰ কেইবাখনো গুৰুত্বপূৰ্ণ ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি পুৱা আৰম্ভ হৈছে। ইভিএম (EVM) গণনাৰ আৰম্ভণিৰ লগে লগে পুৱা ৯:৫৭ বজাৰ ধাৰাত ৰাজনৈতিক পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে।
পুডুচেৰীঃ
প্ৰথমিক ধাৰাত BJP+ এ ৭টা আসনত আগবাঢ়িছে, আনহাতে CONG+ এ ৫টা আসন লাভ কৰিছে। অন্য দলসমূহে ৪টা আসনত আগবাঢ়ি আছে।
কেৰালাঃ
কেৰালাত UDF এ শক্তিশালী প্ৰদৰ্শন কৰি ৮০টা আসনত আগবাঢ়িছে। LDF এ ৩৮টা আসনত আৰু BJP+ এ ১০টা আসনত আগবাঢ়ি আছে।
তামিলনাডুঃ
তামিলনাডুত চমকপ্ৰদ ফলাফল দেখা গৈছে। TVK এ ৯২টা আসনত আগবাঢ়ি আছে। AIADMK+ এ ৬৭টা আৰু DMK+ এ ৫১টা আসনত আগত আছে।
পশ্চিমবংগঃ
পশ্চিমবংগত BJP এ ১৪৯টা আসনত আগবাঢ়ি আছে। TMC+ এ ১০৪টা, LEFT এ ১টা, CONG এ ২টা আৰু অন্যান্য দলসমূহে ৩টা আসনত আগত আছে।
