জাগীৰোডত টাটা টাউনশ্বিপক লৈ উত্তাল ৰাজনীতি
Oplus_131072
- জাগীৰোডত প্ৰস্তাৱিত টাটা টাউনশ্বিপক লৈ নতুন বিতৰ্ক
- ভূমি জৰীপ আৰু সম্ভাব্য উচ্ছেদৰ অভিযোগ
- ৰাইজৰ দলৰ মুখ্য নেতা অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া
- টিৱা আৰু স্থানীয় খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষাৰ দাবী
- চৰকাৰৰ বিৰুদ্ধে অখিল গগৈৰ ক্ষোভ
উচ্ছেদ আশংকাক কেন্দ্ৰ কৰি চৰকাৰক তীব্ৰ সমালোচনা অখিল গগৈৰ
সমগ্ৰ সমাচাৰ সেৱা
শিৱসাগৰ, ১৮ মে’: শিৱসাগৰৰ বিধায়ক তথা অখিল গগৈ দেওবাৰে অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে। জাগীৰোডত প্ৰস্তাৱিত টাটা টাউনশ্বিপ প্ৰকল্পৰ সৈতে জড়িত ভূমি জৰীপ আৰু সম্ভাব্য উচ্ছেদৰ পৰিকল্পনাক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে।
অখিল গগৈয়ে অভিযোগ কৰে যে এই প্ৰকল্পৰ নামত টিৱা জনগোষ্ঠীসহ বহু স্থানীয় আৰু খিলঞ্জীয়া পৰিয়াল উচ্ছেদৰ সন্মুখীন হ’ব পাৰে। তেওঁ কয় যে উন্নয়নৰ নামত সাধাৰণ লোকৰ ভূমি কাঢ়ি লোৱা কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।
ৰাইজৰ দলৰ মুখ্য নেতাগৰাকীয়ে চৰকাৰক সতর্ক কৰি কয় যে স্থানীয় জনগোষ্ঠীৰ অধিকাৰ উপেক্ষা কৰি কোনো বৃহৎ উদ্যোগ আগবঢ়ালে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিব। বিশেষকৈ টিৱা সমাজৰ ঐতিহ্য, ভূমি আৰু জীৱিকাৰ সুৰক্ষাক গুৰুত্ব দিব লাগিব বুলি তেওঁ মন্তব্য কৰে।
ইফালে, জাগীৰোড অঞ্চলত সম্ভাব্য টাটা টাউনশ্বিপ প্ৰকল্পক লৈ ইতিমধ্যে জনমনত নানা প্ৰশ্ন উত্থাপিত হৈছে। চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক স্পষ্টীকৰণ প্ৰকাশ কৰা হোৱা নাই।
