কাৰ্বি আংলঙত ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ
Oplus_131072
- কাৰ্বি আংলঙত সংঘটিত হৈছে শিক্ষক সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা
- ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল মহাবিদ্যালয়ৰ অধ্যক্ষ
- ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি কঠোৰ শাস্তিৰ দাবী ডিফু ৱ’মেন জাষ্টিচ ফৰামৰ
- ঘটনাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া
শিক্ষক সমাজক লজ্জানত কৰা ঘটনাক লৈ তীব্ৰ চাঞ্চল্য
সমগ্ৰ সমাচাৰ সেৱা
অসম, ৮ মে’: অসমৰ কাৰ্বি আংলং জিলাত শিক্ষক সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। ঘটনাই সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সূত্রৰ তথ্য অনুসৰি, অভিযুক্ত অধ্যক্ষজনে ছাত্ৰীগৰাকীৰ সৈতে অনৈতিক আচৰণ কৰাৰ অভিযোগ উত্থাপন হয়। ইয়াৰ পিছতে ভুক্তভোগী ছাত্ৰী আৰু পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তৰ অন্তত অভিযুক্ত অধ্যক্ষক গ্ৰেপ্তাৰ কৰা হয়। যদিও আৰক্ষীয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে অভিযুক্তৰ নাম প্ৰকাশ কৰা নাই।
ইফালে, মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত কাম কৰি অহা সংগঠন Diphu Women Justice Forum ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিছে। সংগঠনটোৱে কয় যে শিক্ষানুষ্ঠান হৈছে ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষিত স্থান, আৰু এনে ঘটনা কোনোপধ্যেই সহ্য কৰা নহ’ব। দোষীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীও জনাইছে সংগঠনটোৱে।
ঘটনাৰ পিছতে স্থানীয় ৰাইজ আৰু বিভিন্ন ছাত্ৰ সংগঠনৰ মাজতো তীব্ৰ ক্ষোভ দেখা গৈছে। আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।
