“কাভাৰী বন্ধন” গ্ৰন্থ উন্মোচন আৰু “সতী ৰাধিকাৰ শান্তি দিৱস” পালন
- গুৱাহাটী বৰালুমুখত বিশেষ অনুষ্ঠানৰ আয়োজন
- “কাভাৰী বন্ধন” গ্ৰন্থ উন্মোচন
- “সতী ৰাধিকাৰ শান্তি দিৱস” উপলক্ষে বক্তৃতা
- প্ৰায় ১৫০জন ইতিহাস আৰু সাহিত্যপ্ৰেমীৰ উপস্থিতি
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৩ মে’: ১৭ বহাগ, বুদ্ধ পূৰ্ণিমা তিথিৰ শুভ উপলক্ষে গুৱাহাটীৰ বৰালুমুখস্থিত সংঘসাধক মধুকৰ লিমায়ে প্ৰেক্ষাগৃহত “কাভাৰী বন্ধন” গ্ৰন্থ উন্মোচন আৰু “সতী ৰাধিকাৰ শান্তি দিৱস” উপলক্ষে এক বিশেষ বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানটো ভাৰতীয় ইতিহাস সংকল্পন সমিতি, অসমে কামৰূপ মহানগৰ সমিতিৰ সহযোগত আয়োজন কৰে।
“কাভাৰী বন্ধন” শীৰ্ষক গ্ৰন্থখন মা কামাখ্যা মন্দিৰৰ প্ৰাক্তন দলৈ শ্ৰী যদুনাথ শৰ্মাই ৰচনা কৰিছে। গ্ৰন্থখন উন্মোচন কৰে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মুকুল চন্দ্ৰ বৰাই।
এই উপলক্ষে বিশিষ্ট শিক্ষাবিদ তথা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য ড° নিৰঞ্জন কলিতাই “সতী ৰাধিকাৰ শান্তি দিৱসৰ প্ৰাসংগিকতা” বিষয়ত প্ৰবন্ধ আগবঢ়ায়। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি শ্ৰী কানক চন্দ্ৰ শৰ্মা আৰু মা কামাখ্যা মন্দিৰৰ দলৈ শ্ৰী কবিন্দ্ৰ প্ৰসাদ শৰ্মাইও উপস্থিত থাকে।
অনুষ্ঠানৰ আৰম্ভণিতে আৰাধ্যা বৰ্মন আৰু আশ্বাস আয়ুস্মানে মঙ্গলাচৰণ আৰু দূৰ্গা স্তুতি পৰিৱেশন কৰি অনুষ্ঠানখনত আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে।
অনুষ্ঠানটো আখিল ভাৰতীয় ইতিহাস সংকল্পন যোজনাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰী হেমন্ত ধিং মজুমদাৰৰ দিশ-নির্দেশনাত অনুষ্ঠিত হয়। তেওঁ নিজৰ ভাষণত আৰএছএছৰ শতবৰ্ষ উপলক্ষে “পঞ্চ পৰিৱৰ্তন” ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমাজিক সম্প্ৰীতিৰ প্ৰয়োজনীয়তা উলিয়াই ধৰে আৰু সতী ৰাধিকাৰ ঐতিহাসিক চৰিত্ৰক অনুপ্ৰেৰণাৰ উৎস হিচাপে উল্লেখ কৰে।
অনুষ্ঠানটো শ্ৰীমতী ৰোজী পাঠকে সঞ্চালনা কৰে আৰু শেষত শ্ৰী প্ৰাঞ্জল দাসে ধন্যবাদ জ্ঞাপন কৰি কল্যাণ মন্ত্র পাঠৰ জৰিয়তে অনুষ্ঠানৰ সমাপ্তি ঘটে।
