কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ
- বাৰিষা আৰু সম্ভাব্য বান পৰিস্থিতিৰ বাবে আজিৰে পৰা বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
- উদ্যান কৰ্তৃপক্ষই পৰ্যটকৰ সুৰক্ষাৰ স্বাৰ্থত গ্ৰহণ কৰে এই সিদ্ধান্ত
- ২০২৫-২৬ পর্যটন বর্ষত ৪.৬৮ লাখৰো অধিক পৰ্যটকৰ আগমন
- বিশ্বখ্যাত উদ্যানখন অসমৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম আকৰ্ষণ
বাৰিষাৰ বাবে সাময়িকভাৱে বন্ধ কাজিৰঙা
সমগ্ৰ সমাচাৰ সেৱা
কাজিৰঙা, ২৯ মে’: অসমৰ বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র সংৰক্ষণ ক্ষেত্ৰ আজিৰে পৰা পৰ্যটকৰ বাবে সাময়িকভাৱে বন্ধ ঘোষণা কৰা হৈছে। বাৰিষা আৰু সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
উদ্যান কৰ্তৃপক্ষৰ মতে, বৰষুণ বৃদ্ধি আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ ফলত উদ্যানখনৰ বহু অংশ বানপানীৰ কবলত পৰাৰ আশংকা আছে। এনে পৰিস্থিতিত পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে জীপ ছাফাৰী আৰু অন্যান্য পৰ্যটনমূলক কাৰ্যসূচী সাময়িকভাৱে বন্ধ ৰখা হৈছে।
তথ্য অনুসৰি, ২০২৫-২৬ পর্যটন বর্ষত কাজিৰঙালৈ ৪ লাখ ৬৮ হাজাৰৰো অধিক দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটিছে। উদ্যানখনৰ একশৃঙ্গ গঁড়, বন্যপ্ৰাণী আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ বছৰি হাজাৰ হাজাৰ পৰ্যটকে ইয়ালৈ আহে।
বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত পুনৰ পৰ্যটকৰ বাবে উদ্যানখন মুকলি কৰাৰ সিদ্ধান্ত লোৱা হ’ব বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
