কেৰালাত মন্ত্ৰীসভা গঠনক লৈ জল্পনা-কল্পনা, মুখ্যমন্ত্ৰী হ’ল ভি. ডি. সতীশান
Oplus_131072
- কেৰালাত নতুন মন্ত্ৰীসভাৰ তালিকা প্ৰকাশ
- ভি. ডি. সতীশান মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব
- মুখ্যমন্ত্ৰী পদক লৈ কে. চি. ভেনুগোপাল আৰু ৰমেশ চেন্নিথালাৰ মাজত টানাপোড়েনৰ আলোচনা
- ৰমেশ চেন্নিথালাই কেবিনেট মন্ত্ৰী পদ গ্ৰহণত সন্মতি
- ১৮ মে’ত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব
- মন্ত্ৰীসভাৰ তালিকা গভৰ্ণৰলৈ প্ৰেৰণ
সমগ্ৰ সমাচাৰ সেৱা
কেৰালা, ১৮ মে’: কেৰালাৰ মুখ্যমন্ত্ৰী মনোনীত ভি. ডি. সতীশানে ৰাজ্যপাললৈ প্ৰেৰণ কৰা এক আনুষ্ঠানিক পত্ৰত ২০ জনীয়া মন্ত্ৰীসভাৰ নাম প্ৰকাশ কৰিছে। ১৮ মে’ পুৱা ১০ বজাত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে এই তালিকা প্ৰকাশ পায়।
তালিকাত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেশ চেন্নিথালাৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজনৈতিক মহলত চেন্নিথালাক মুখ্যমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ হিচাপে ধৰা হৈছিল।
সূত্ৰ অনুসৰি, কে. চি. ভেনুগোপাল আৰু ৰমেশ চেন্নিথালাৰ মাজত মুখ্যমন্ত্ৰী পদক কেন্দ্ৰ কৰি এক প্ৰকাৰৰ ৰাজনৈতিক টানাপোড়েন চলিছিল। শেষত দলীয় নেতৃত্বই ভি. ডি. সতীশানৰ নামত সন্মতি জনায় বুলি আলোচনা চলিছে।
ইয়াৰ পিছতেই চেন্নিথালাই কেবিনেট মন্ত্ৰী পদ গ্ৰহণ কৰিবলৈ সন্মতি জনোৱা বুলি জানিব পৰা গৈছে।
প্ৰকাশিত তালিকাত পি কে কুঞ্জালিকুট্টি, কে মুৰলীধৰণ, শিবু বেবি জন, মনছ জোচেফ, পি কে বশীৰ আদি বহু জ্যেষ্ঠ নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
নতুন মন্ত্ৰীসভাই ৰাজ্যৰ ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিব বুলি ধৰা হৈছে।
