April 17, 2026

Global Assam News

Global and Local Assam News Website

আচৰণ বিধি উলংঘন : কুংকি চৌধুৰীক আৰক্ষীৰ চমন

আচৰণ বিধি উলংঘন : কুংকি চৌধুৰীক আৰক্ষীৰ চমন
  • আচৰণ বিধি উলংঘনৰ অভিযোগত কুংকি চৌধুৰীক আৰক্ষীৰ চমন
  • পানবজাৰ থানাত উপস্থিত হ’বলৈ নিৰ্দেশ
  • সকলো অভিযোগ অস্বীকাৰ কৰিছে প্ৰার্থীগৰাকীয়ে
  • অজাপ নেতা লুৰীণজ্যোতি গগৈৰ বিজেপিৰ বিৰুদ্ধে তীব্ৰ অভিযোগ

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী , ১২ এপ্ৰিল:উল্লেখ্য যে চলিত অসম বিধানসভা নির্বাচনৰ মাজতে নির্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে বিৰোধী ঐকাৰ প্রার্থী কুংকি চৌধুৰীক চমন জাৰি কৰিছে। অসম জাতীয় পৰিষদৰ প্রার্থীগৰাকীক দেওবাৰে পুৱা ১১ বজাত পানবজাৰ আৰক্ষী থানাত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে। মধ্য গুৱাহাটী সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়োৱা ২৭ বছৰীয়া চৌধুৰী চলিত নির্বাচনৰ কনিষ্ঠতম প্রার্থীসকলৰ ভিতৰত অন্যতম। প্রার্থীগৰাকীয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে।

বিজেপিৰ বিৰুদ্ধে অজাপৰ তীব্ৰ ৰাজনৈতিক অভিযোগ

লুৰিণজ্যোতিৰ অভিযোগ “হিমন্ত বিশ্ব শর্মা আৰু বিজেপিয়ে নিজৰ ৰাজনৈতিক সুবিধাৰ বাবে প্রশাসন আৰু আৰক্ষীক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে, এয়া গণতান্ত্রিক ব্যৱস্থাৰ বাবে বিপজ্জনক সংকেত। অসমত বিজেপিয়ে ভয়-ভাবুকি, দমন-উৎপীড়ন আৰু গুণ্ডাৰাজৰ জৰিয়াতে বিৰোধীৰ কণ্ঠত প্রতিহত কৰিবলৈ বিচাৰে।”
অসম জাতীয়পৰিষদৰ নেতাগৰাকীয়ে কয়, “মধ্য গুৱাহাটী সমষ্টিত অজাপৰ প্রার্থীগৰাকীৰ উত্থান আৰু জয়ৰ সম্ভাৱনা দেখি আতংকিত হৈ পৰা বিজেপিয়ে এতিয়া ভয়-ভাবুকিৰ ৰাজনীতিৰ আশ্ৰয় লৈছে। কিন্তু এইটোও সমানেই সত্য যে ভয় দেখুৱাই সত্যক চিৰদিনৰ বাবে ঢাকি ৰাখিব নোৱাৰি। কুংকি চৌধুৰীৰ দৰে সাহসী তৰুণীক আমি এই সময়ত স্পষ্ট বার্তা দিব বিচাৰোঁ যে তুমি অকলশৰীয়া নহয়। অসমৰ গণতান্ত্রিক চিন্তা-চেতনা থকা হাজাৰ হাজাৰ মানুহ কুংকি চৌধুৰী লগত আছে। এই ভয়-ভাবুকিয়ে অসম জাতীয় পৰিষদৰ জাতীয় সেরকৰ সংগ্রামক আৰু শক্তিশালীহে কৰিব।”
তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে “এয়া ভয় খোৱাৰ নহয়, এই সময় সত্যৰ পক্ষত দৃঢ়ভাবে থিয় দিয়াৰ। যিসকলে গণতন্ত্রত বিশ্বাস কৰে, তেওঁলোকে আজি একেলগে মাত মাতিব লাগিব। প্রশাসনে ৰাজনৈতিক অপব্যৱহাৰ বন্ধ কৰক, ৰাজনৈতিক প্রতিহিংসা বন্ধ কৰক। অসমে কেতিয়াও বিজেপিৰ গুণ্ডাৰাজ স্বীকাৰ নকৰে। আমাৰ মাটিত সদায়েই গণতন্ত্র, ন্যায় আৰু অধিকাৰৰ জয় হ’বই। এই সংগ্রাম চলি থাকিব-সাহসেবে, একতাৰ সৈতে, আৰু সততাৰ শক্তিৰে।”

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *