April 15, 2026

Global Assam News

Global and Local Assam News Website

১ ব’হাগ উপলক্ষে মুকলি কৰা হ’ব ৱেব ছিৰিজখন
  • ১ ব’হাগ উপলক্ষে মুকলি কৰা হ’ব ৱেব ছিৰিজখন
  • জুবিন গাৰ্গেৰ জীৱন আৰু সংগীত যাত্ৰাৰ ওপৰত আধাৰিত
  • লুইত এপ উপলব্ধ হ’ব দৰ্শকৰ বাবে
  • লুইত এপত উপলব্ধ হ’ব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গেৰ জীৱনভিত্তিক বিশেষ ছিৰিজ

সমগ্ৰ সামাচাৰ সেৱা
অসম, ১৩ এপ্ৰিল: অসমীয়াৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গেৰ জীৱন আৰু সংগীত-সংগ্ৰামৰ কাহিনী লৈ প্ৰস্তুত কৰা হৈছে ‘জুবিন মানসৰ যাত্ৰা’ শীৰ্ষক এক বিশেষ ৱেব ছিৰিজ। অহা ১ ব’হাগৰ পৱিত্ৰ দিনটোত এই বহু প্ৰতীক্ষিত ছিৰিজখন আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে।
এই ছিৰিজখনত শিল্পীগৰাকীৰ শৈশৱকালৰ পৰা আৰম্ভ কৰি সংগীতজীৱনৰ উত্থান-পতন, সংগ্ৰাম, সফলতা আৰু জনসাধাৰণৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ বহু অজানা দিশ উন্মোচিত হোৱাৰ আশা কৰা হৈছে। বিশেষকৈ তেওঁৰ সংগীতজীৱনৰ বিভিন্ন স্মৰণীয় মুহূৰ্ত আৰু ব্যক্তিগত অনুভৱৰ এক আৱেগিক উপস্থাপন দৰ্শকে উপভোগ কৰিব পাৰিব।

উল্লেখযোগ্য যে, ছিৰিজখন লুইত এপৰ জৰিয়তে দৰ্শকৰ বাবে উপলব্ধ হ’ব। ইয়াৰ জৰিয়তে নতুন প্ৰজন্মই শিল্পীগৰাকীৰ জীৱন-সংগ্ৰাম আৰু সফলতাৰ পথৰ বিষয়ে অধিক জানিবলৈ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে।
১ ব’হাগৰ দৰে আনন্দময় দিনত এই ছিৰিজখন মুকলি হোৱাটো শিল্পীগৰাকীৰ ভক্তসকলৰ বাবে এক বিশেষ উপহাৰ হিচাপে গণ্য কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *