Global Assam News

Global and Local Assam News Website

মণিপুৰত পুনৰ ৰক্তাক্ত আক্ৰমণ, ৪ জন নিহত

Oplus_131072

  • নোনেই আৰু কাংপোকপিত সন্দেহজনক জংগী আক্ৰমণত আতংক বৃদ্ধি
  • নোনেই জিলাত গুলীয়াত এজন লোক নিহত, পত্নী আহত
  • কাংপোকপিত পৃথক আক্ৰমণত ৩ গৰাকী থাডৌ বেপ্টিষ্ট এছ’চিয়েচনৰ নেতা নিহত
  • ঘটনাস্থলীত ব্যাপক তল্লাশি আৰু চাৰ্চ অপাৰেচন আৰম্ভ সুৰক্ষা বাহিনীৰ
  • এতিয়ালৈকে কোনো জংগী সংগঠনে দায় স্বীকাৰ কৰা নাই

সমগ্ৰ সমাচাৰ সেৱা
মণিপুৰ, ১৪ মে’: মণিপুৰত পুনৰ সংঘটিত হৈছে ৰক্তাক্ত হিংসাত্মক ঘটনা। বুধবাৰে সন্ধিয়া নোনেই জিলাত সংঘটিত সন্দেহজনক জংগী আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে তেওঁৰ পত্নী আহত হয়। নিহত ব্যক্তিজনক উইলছন থাংগা বুলি চিনাক্ত কৰা হৈছে। তেওঁ নোনেই জিলাৰ ডোলাং গাঁৱৰ বাসিন্দা আৰু নাগা সম্প্ৰদায়ৰ সদস্য আছিল।

অধিকাৰীসকলৰ তথ্য অনুসৰি, উইলছন থাংগা আৰু তেওঁৰ পত্নী ইম্ফলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত জৌজাংটেক আৰু নুংসাই গাঁৱৰ মাজত অজ্ঞাত বন্দুকধাৰীয়ে তেওঁলোকৰ বাহনত লক্ষ্য কৰি গুলীচালনা কৰে। ঘটনাস্থলীতে থাংগাৰ মৃত্যু হয়, আনহাতে তেওঁৰ পত্নী আহত অৱস্থাত ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়।

ইয়াৰ কিছু ঘণ্টা পূৰ্বে কাংপোকপি জিলাৰ নতুন কৈথেলমানবি আৰক্ষী থানাৰ অন্তৰ্গত সাহেইবুং গাঁৱৰ ওচৰত সংঘটিত আন এক আক্ৰমণত থাডৌ বেপ্টিষ্ট এছ’চিয়েচনৰ ৩ গৰাকী নেতাৰ মৃত্যু হয়। এই ঘটনাত আন ৪ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে সুৰক্ষা বাহিনীয়ে অঞ্চলসমূহত ব্যাপক কৰ্ডন আৰু চাৰ্চ অপাৰেচন আৰম্ভ কৰিছে। এতিয়ালৈকে কোনো জংগী সংগঠনে এই আক্ৰমণৰ দায় স্বীকাৰ কৰা নাই।

মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ৰাজ্যজুৰি সংবেদনশীল অঞ্চলসমূহত নিয়মীয়া তল্লাশি আৰু এলেকা আধিপত্য অভিযান অব্যাহত আছে। একে সময়তে, এনএইচ-৩৭ পথে ২২১ খন অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া বাহন সুৰক্ষাৰ মাজেৰে চলাচল কৰিছে আৰু পাহাৰ-সমতল মিলাই ১১৩টা নাকা আৰু চেকপইণ্ট স্থাপন কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *