মণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ অভিযান
- উপত্যকা জিলাসমূহত যৌথ অভিযান চলালে মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনী
- নিষিদ্ধ সংগঠনৰ সৈতে জড়িত দুজন সক্ৰিয় সদস্য গ্ৰেপ্তাৰ
- কাংলেইপাক কমিউনিষ্ট পাৰ্টি (KCP) আৰু KYKLৰ সদস্য জড়িত
- থৌবাল জিলাত মিলিটেণ্ট কেম্প ধ্বংস
অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ
সমগ্ৰ সমাচাৰ সেৱা
মণিপুৰ, ৫ মে’: মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে যৌথভাৱে চলোৱা একাধিক অভিযানত দুজন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰে। প্ৰথমটো অভিযানত কাংলেইপাক কমিউনিষ্ট পাৰ্টি (ইবুঙ্গো ন্গাংগোম্বা গোট)ৰ এজন সক্ৰিয় সদস্য লেইশ্ৰাম অনিল (৩৪), ওৰফে চাৰা সিংক কাকচিং জিলাৰ ৱাইখং আৰক্ষী থানাৰ অন্তৰ্গত কাকচিং খুনৌ লামখাই এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
তেওঁৰ পৰা এটা মোবাইল ফোন আৰু এখন Hyundai i20 গাড়ী জব্দ কৰা হয়।
আন এটা পৃথক অভিযানত, ইম্ফল পূব জিলাৰ সিংজামেই এলেকাৰ পৰা নিষিদ্ধ সংগঠন Kanglei Yaol Kanna Lup (KYKL)ৰ সদস্য মাইবাম ৰোমিও সিং (৫২), ওৰফে ৰোনাল্ডক গ্ৰেপ্তাৰ কৰা হয়
তেওঁৰ বাসগৃহৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন আৰু আধাৰ কাৰ্ড উদ্ধাৰ কৰে।
ইয়াৰ উপৰিও, থৌবাল জিলাৰ লেইশাংথেম ইকোপ পাট এলেকাত এক মিলিটেণ্ট কেম্প ধ্বংস কৰা হয়। এই অভিযানত নিৰাপত্তা বাহিনীয়ে বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে, যাৰ ভিতৰত আছে—
এটা সাব-মেচিন গান কাৰ্বাইন, চাৰিটা বোল্ট-একচন ৰাইফল, এটা ৯ মিমি পিষ্টল, তিনিটা জীৱন্ত গুলী
আৰক্ষীয়ে জনাইছে যে এই ঘটনাৰ সৈতে জড়িত আন সদস্যসকলক চিনাক্ত কৰিবলৈ তদন্ত অব্যাহত আছে। এই সফল অভিযানসমূহে ৰাজ্যখনত উগ্ৰবাদৰ বিৰুদ্ধে চলি থকা কঠোৰ পদক্ষেপক পুনৰ দৃঢ় কৰি তুলিছে।
