মঠঘৰীয়া দুৰ্ঘটনা: ছামিম আহমেদৰ বিৰুদ্ধে বিস্ফোৰক তথ্য, জে’ললৈ প্ৰেৰণ
- Late night পাৰ্টীৰ পিছত ভয়ংকৰ দুৰ্ঘটনা
- ৩ যুৱতীৰ মৃত্যু, ঘটনাস্থলীৰ পৰা পলায়ন
- এছক’ৰ্ট ছাৰ্ভিচ সংযোগৰ সন্দেহ
- মৃতাৰ ম’বাইল নিখোজ, তদন্ত অব্যাহত
- আদালতে ১০ দিনৰ ন্যায়িক জিম্মা ঘোষণা
দুৰ্ঘটনা আৰু পলায়নৰ নাটকীয় কাহিনী
সমগ্ৰ সমাচাৰ সেৱা
মঠঘৰীয়া, ৩ মে’: মঠঘৰীয়া অঞ্চলত সংঘটিত ভয়ংকৰ সড়ক দুৰ্ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। অভিযুক্ত ছামিম আহমেদে ২৫ এপ্ৰিলৰ নিশা ৩ যুৱতীৰ সৈতে Late Night পাৰ্টী কৰাৰ পিছত উচ্চ গতিত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰে বুলি অভিযোগ। দুৰ্ঘটনাৰ পিছতে তেওঁ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
তদন্তত আৰক্ষীয়ে জানিবলৈ পাইছে যে ছামিমৰ এছক’ৰ্ট ছাৰ্ভিচৰ সৈতে সম্ভাৱ্য সংযোগ থাকিব পাৰে। লগতে একাধিক যুৱতীৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথাও উন্মোচিত হৈছে। এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে ছামিমৰ ম’বাইল কল লিষ্ট বিচাৰি আবেদন জনাইছে।
দুৰ্ঘটনাত মৃত্যু হোৱা এগৰাকী যুৱতী, পূজা সাহাৰ ম’বাইল ফোন ঘটনাৰ পিছতে নিখোজ হৈ পৰে। অভিযোগ অনুসৰি, ছামিমে সেই ফোনটো নলাত পেলাই দিছিল। যদিও তেজ লগা পোছাক উদ্ধাৰ হৈছে, ম’বাইলটো এতিয়াও সন্ধান নোপোৱা গৈছে।
আৰক্ষীয়ে উদ্ধাৰ কৰা তেজ লগা পোছাকৰ নমুনা পৰীক্ষাৰ বাবে আদালতৰ অনুমতি লাভ কৰিছে। ছামিম আহমেদক আৰক্ষীৰ জিম্মাৰ পিছত Kamrup Metro CJM Courtত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক ১০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। এই ঘটনাই গুৱাহাটীত সুৰক্ষা আৰু আইন-শৃংখলা বিষয়ক গুৰুত্বপূর্ণ প্ৰশ্ন উত্থাপন কৰিছে, আৰু তদন্ত অব্যাহত আছে।
