Global Assam News

Global and Local Assam News Website

মোদীৰ বিদেশ ভ্ৰমণৰ প্ৰথম তিনিদিন সফলতাৰে সমাপ্ত

Oplus_131072

  • ইউএইৰ সৈতে কৌশলগত তেল ভাণ্ডাৰ আৰু বিনিয়োগ চুক্তি
  • নেদাৰলেণ্ডছৰ ASML চুক্তি আৰু গুজৰাটৰ কালপাছাৰ প্ৰকল্পত সহযোগিতা
  • ছুইডেনৰ সৈতে ৬জি আৰু কোৱাণ্টাম কম্পিউটিং অংশীদাৰিত্ব
  • পৰৱৰ্তী গন্তব্য নৰৱে আৰু ইটালী

ইউএই, নেদাৰলেণ্ডছ আৰু ছুইডেনৰ সৈতে কৌশলগত সহযোগিতা শক্তিশালী

সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৮ মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ প্ৰথম তিনিদিন উল্লেখযোগ্য কূটনৈতিক আৰু আৰ্থিক সফলতাৰে সমাপ্ত হৈছে। ইউএই, নেদাৰলেণ্ডছ আৰু ছুইডেন ভ্ৰমণক ভাৰতৰ প্ৰযুক্তি, শক্তি আৰু বিনিয়োগ ক্ষেত্ৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে।
ইউএই ভ্ৰমণত ভাৰত আৰু ইউএইৰ মাজত কৌশলগত তেল ভাণ্ডাৰ (Strategic Oil Reserves) সম্পৰ্কীয় আলোচনা আগবাঢ়ে। ইয়াৰ উপৰিও ইউএইৰ বিনিয়োগ সংস্থাই ভাৰতৰ National Investment and Infrastructure Fund (NIIF) আৰু আন কেইবাটাও ফাণ্ডত বিনিয়োগ বৃদ্ধিৰ সিদ্ধান্ত লয়। বিশেষজ্ঞসকলে ইয়াক ভাৰতৰ অবকাঠামোগত উন্নয়নৰ বাবে ইতিবাচক পদক্ষেপ বুলি মন্তব্য কৰিছে।

নেদাৰলেণ্ডছ ভ্ৰমণত বিশ্বখ্যাত প্রযুক্তি কোম্পানী ASMLৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। লগতে ডাচ প্রযুক্তিৰ সহায়ত গুজৰাটৰ বৃহৎ “কালপাছাৰ” প্ৰকল্প আগবঢ়োৱাৰ কথাও ঘোষণা কৰা হয়।

ছুইডেনত ভাৰত-ছুইডেন ৬জি অংশীদাৰিত্ব অধিক শক্তিশালী কৰা হয়। ইয়াৰ লগতে কোৱাণ্টাম কম্পিউটিং নেটৱৰ্ক উন্নয়নৰ ক্ষেত্ৰতো দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি পায়।

প্ৰধানমন্ত্ৰীৰ এই সফৰৰ পৰৱৰ্তী পৰ্যায়ত নৰৱে আৰু ইটালী ভ্ৰমণৰ সূচী আছে, য’ত অধিক বাণিজ্যিক আৰু কৌশলগত চুক্তিৰ সম্ভাৱনা দেখা গৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *